নিউজ ডেস্ক: চণ্ডিগড়ক লৈ পঞ্জাব আৰু হাৰিয়ানাৰ মাজত চলি থকা টনা-আঁজোৰাই সম্প্ৰতি ৰাজ্য দুখনৰ ৰাজনীতি গৰম কৰি তুলিছে। দুয়োখন ৰাজ্যই কেন্দ্ৰীয় শাসিত ৰাজধানী চহৰখনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উঠি-পৰি লাগিছে।
যোৱা শুকুৰবাৰে পঞ্জাব বিধানসভাত ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী ভগৱন্ত সিং মানে চণ্ডিগড়ক পঞ্জাবৰ অধীনলৈ অনাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত বিষয়টোক লৈ আজি হাৰিয়ানা বিধানসভাত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়।
উক্ত বিধায়িনী বৈঠকত পঞ্জাব চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱৰ বিৰোধিতাত হাৰিয়ানা বিধানসভাত এক সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে আপে পঞ্জাবত চৰকাৰ গঠন কৰাৰ পিছতে যোৱা ১ এপ্ৰিলত দুয়োখন ৰাজ্যৰ উমৈহতীয়া ৰাজধানী চণ্ডিগড়ক পঞ্জাবলৈ হস্তান্তৰ কৰাৰ উদ্দেশ্যে বিধানসভাত এখন বিশেষ অধিৱেশন বহুৱাই এক প্ৰস্তাৱ গৃহীত কৰাই্ছিল।
লগতে পঢ়ক – ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ