নিউজ ডেস্ক: এইবাৰৰ নিৰ্বাচনত মুঠ ১২৬ টা সমষ্টিৰ বাবে মুঠ ৯৪৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্যা আছাম ইলেকছন ৱাটছ আৰু এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ)এ প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ নিৰ্বাচনত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ২৬৪ গৰাকী কোটিপতি প্ৰাৰ্থীয়ে।
অহা ৬ এপ্ৰিলত নিৰ্বাচন হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মুঠ ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯০গৰাকী প্ৰাৰ্থাীয়েই কোটিপতি। তৃতীয় পৰ্যায়ত ৰাজ্যৰ ইতিহাসত সবাটোকৈ ধনী প্ৰাৰ্থী এগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকী হৈছে ইউ পি পি এলৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম।
প্ৰাৰ্থীগৰাকীয়ে ২৬৮ কোটি টকাতকৈও অধিক মূল্যৰ সম্পত্তি আছে বুলি শপতনামাত উল্লেখ কৰিছে।
দ্যা আছাম ইলেকছন ৱাটছ আৰু এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ)এ প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত মুঠ ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৯০(২৭ শতাংশ) গৰাকী কোটিপতি।
ধনী প্ৰাৰ্থী গৰাকীয়ে শপতনামা যোগে উল্লেখ কৰা মতে তেওঁ ২৬৮,২৭,৬৭,১২৮ টকাৰ গৰাকী । দ্বিতীয় স্থানত থকা অসম জাতীয় পৰিষদৰ উপ-সভাপতি তথা হাজো সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৪৩ কোটি টকা।
৩১ কোটি টকা সম্পত্তিৰে তৃতীয় স্থানত আছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ।জালুকবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ১৭ কোটি টকা।
ইফালে তৃতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সবাটোকৈ দুখীয়া প্ৰাৰ্থী গৰাকী হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ছবেন্দ্ৰ বসুমতাৰী। বঙাইগাঁও সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বসুমতাৰীৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ২০০০ টকা। এই ধনবান প্ৰাৰ্থীসকলক ভোটাৰে কেনেদৰে আদৰে সেই সম্পৰ্কে ২ মে ৰ ফলাফলত ওলাব ।