মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। পুৱা ৭ বজাৰ পৰা জিলাখনৰ মানকাচৰ সমষ্টিত মুঠ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত চলি আছে ভোট গ্ৰহণ। বিয়লি প্ৰায় পাঁচ বজালৈ জিলাখনত প্ৰায় ৮৯ শতাংশ ভোট সম্পন্ন হৈছে।মানকাচৰ সমষ্টিত ভোটদানৰ হাৰ ৮৭.৬৬ শতাংশ আৰু দক্ষিণ শালমাৰা সমষ্টিত ৮৯.৭০ শতাংশ।
৪০ টা সমষ্টিৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভোটদনৰ হাৰ সৰ্বাধিক। ভোটদানত প্ৰথম স্থানত আছে দক্ষিণ শালমাৰা সমষ্টি আনহাতে দ্বিতীয় স্থানত আছে মকাচাৰ সমষ্টি। মানকাচৰ সমষ্টিৰ কুটিৰঘাট এল পি স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম পুৱা ৯ বজাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
আনহাতে আমিনুল ইছলামৰ পত্নী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানেও একেখন ভোট গ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। দিনৰ ১১ বজাত মানকাচৰৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামেও পৰিয়ালসহ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। একেদৰে মানকাচৰ সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলামসহ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়েও সাধাৰণ ভোটাৰ সকলৰ দৰে দীঘলীয়া শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
মানকাচৰ সমষ্টিৰ দৰে দক্ষিণ শালমাৰা সমষ্টিটো কংগ্ৰেছৰ প্ৰাৰ্থী বিধায়ক ওৱাজেদ আলী চৌধুৰী, বিজেপি প্ৰাৰ্থী আছাদুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাসহ মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ইফালে সাধাৰণ ভোটাৰ সকলে পুৱাৰ পৰাই কোভিড-১৯ৰ সকলো নীতি নিয়ম মানি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে।