তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাত বাধা নিৰ্বাচন আয়োগৰ ।
৪৮ ঘন্টাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাধা আৰোপ আয়োগৰ । এই সময়চোৱাৰ ভিতৰতে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব ।
হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল কেইবাটাও আপত্তিজনক মন্তব্য । মন্ত্ৰী গৰাকীয়ে জেললৈ প্ৰেৰণ কৰাৰ ভাবুকিও প্ৰদান কৰিছিল হাগ্ৰামাক ।
এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত কংগ্ৰেছৰ ফালৰ পৰা দাখিল কৰা হৈছিল অভিযোগ । কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল আয়োগে হিমন্ত বিশ্ব শৰ্মালৈ । ১ এপ্ৰিলত প্ৰেৰণ কৰা হৈছিল এই জাননী ।
২ এপ্ৰিলৰ ৬ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছিল আয়োগে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা নিৰ্বাচন আয়োগক উত্তৰ দিছিল শুকুৰবাৰে বিয়লী ভাগত ।
তাৰ পিছতেই নিৰ্বাচন আয়োগৰ নিৰ্দেশ ৪৮ ঘন্টাৰ বাবে কোনো নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ ফলত নিজা সমষ্টি জালুকবাৰীত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ অবিহনেই নিৰ্বাচনত অংশ লব লাগিব মন্ত্ৰী গৰাকী । কেবল প্ৰচাৰ সভাতেই নহয় ৰোড শ্ব’, টেলিভিছন তথা অন্যান্য প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱাতো বাধা আৰোপ কৰিছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে ৪৮ ঘন্টাৰ বাবে কোনো নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব নোৱাৰাই নহয় ফেচবুক টুইটাৰ আদি জৰিয়তেও চলাব নোৱাৰিব প্ৰচাৰ । প্ৰিন্ট বা ইলেক্ট্ৰনিক মাধ্যমতো দিব নোৱাৰিব কোনো সাক্ষাৎকাৰ ।
হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন ৪৮ ঘন্টা নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই আয়োগে দিছে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ ।
গোৱালপাৰৰ আৰক্ষী অধীক্ষক তথা হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক বদলিৰ নিৰ্দেশ আয়োগৰ ।
অসম আৰক্ষীৰ মুখ্য কাৰ্যলয়লৈ বদলি কৰা হৈছে সুশান্ত বিশ্ব শৰ্মা । গোৱালপাৰাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব ল’ব ভীৰা ভেংকট ৰাকেশ ৰেড্ডীক ।