হিমন্ত বিশ্ব শৰ্মা

শুৱালকুছি: মাৰাথন নিৰ্বাচনী প্ৰচাৰৰ অন্তিম খন নিৰ্বাচনী সভা গৃহ সমষ্টি জালুকবাৰীত সামৰণি পেলাই বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই । শুৱালকুছিত আয়োজিত বিশাল জনসভাত উপস্থিত হৈয়েই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিবাসীৰ ওচৰত সপৰিয়ালে আঠু লৈ নিৰ্বাচনী সভাত অমশ লয় ।

সভাত মন্ত্ৰী গৰাকীয়ে কয়, ‘জালুকবাৰী মোৰ তপস্যাৰ ভূমি, সদায়েই জালুকবাৰীৰ হৈ থাকিম। অন্ধকাৰ সময়ত পোহৰ দেখুৱাই জালুকবাৰীয়ে।সূৰ্যৰ পোহৰ চন্দ্ৰই বিলোৱাৰ দৰে মইও জালুকবাৰীবাসীয়ে দিয়া শক্তিখিনিকে পুনৰ জালুকবাৰীক ঘূৰাই দিছো। এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত প্ৰথমবাৰলৈ সমষ্টিবাসীৰ কাষত থিয় হৈ আবেগিক হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । মুখ্যমন্ত্ৰী, অতুল বৰা, কেশৱ মহন্ত, দিলীপ শইকীয়াও এই সভাত অংশ লয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply