কামপুৰ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰে এতিয়া তুংগত উঠিছে । ফাকুৱাৰ বতৰত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৬ খনকৈ জনসভাত অংশ লয় । বৃহৎ নিৰ্বাচনী সভাবোৰত হাজাৰ হাজাৰ লোকে অংশ লয়।দিনজোৰা প্ৰচাৰত ডিফুৰ বকলীয়াত প্ৰথমখন সভাত অংশ লোৱাৰ পিছত ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় । আজিৰ অন্তিমখন জনসভাত কমলপুৰত দলীয় প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ অংশ লব ।
আটাইকেইখন সভাতেই বহু প্ৰতিশ্ৰুতি আৰু আঁচনি ঘোষণাৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এক প্ৰকাৰৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে। কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত ভাষণ দি ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ ফুটবলটোত পাম্পেই নাই, গেৰাণ্টি কেনেকৈ দিব। ৰাজনীতি মানে ধূতি, সুঁতা, কম্বল নহয় বুলি কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’লে দুখীয়া লোকৰ মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ চৰকাৰে পৰিশোধ কৰিব বুলি কয়।
লগতে মন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ মাৰ্চৰ আগতেই এক লাখ নিবনুৱাক চাকৰি, দহ লাখক স্বয়ম আঁচনিৰ সাহায্য, প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ অধীনত তিনি হাজাৰ টকা আদি প্ৰতিশ্ৰুতিৰ লগতে বিএ আৰু এমএ পাছ কৰা ছাত্ৰীকো স্কুটি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে বঢ়মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জন ৰকিবুল-আজমলৰ পুত্ৰ বুলি কটু বাক্যৰে সমালোচনা কৰে।