নিউজ ডেস্ক: দুদিনৰ আগতে হোজাইত প্ৰাৰ্থিত্ব নাপায় দল ত্যাগ কৰি একলা চলেৰ নীতি লোৱা হোজাইৰ বিধায়ক শিলাদিত্য দেবক সৈমান কৰোৱালে হিমন্ত বিশ্ব শৰ্মাই | কালি পিযুষ হাজৰিকাক পঠিয়াই আলোচনা কৰাৰ পিছত আজি হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত হয় শিলাদিত্য দেবৰ বাসভৱনত | লগত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া |
শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ বাসগৃহত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে – শিলাদিত্য ভাৰতীয় জনতা পাৰ্টীৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে আৰু ভবিষ্যতেও থাকিব ।সমগ্ৰ অসমতে নিৰ্বাচনৰ প্ৰচাৰত দায়িত্বত থাকিব শিলাদিত্য দেব । হোজাই আৰু লামডিঙতো প্ৰচাৰ চলাব বিধায়ক গৰাকীয়ে । শিলাদিত্য দেবক দলে আন দায়িত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।
সংবাদমেলত উপস্থিত থকা শিলাদিত্য দেবে কয় ‘মই বিজেপি এৰিলেই আজমলৰ দপদপনি বাঢ়িব, যিটো মই সহ্য কৰিব নোৱাৰো’, ‘হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সাজু।’
হোজাইত বিজেপিৰ প্ৰাৰ্থী ৰূপে ৰামকৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতেই ক্ষোভিত হৈ পৰিছিল হোজাইৰ বিধায়ক শিলাদিত্য দেব । শিলাদিত্য দেবে নিৰ্দলীয় ভাবে নিৰ্বাচন অবতীৰ্ণ হোৱাৰ কথাও ঘোষনা কৰিছিল ।
একলা চলেৰ নীতি এৰি বিজেপিতেই থাকিব শিলাদিত্য দেব
‘শিলাদিত্য দেৱে হোজাইত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।’ হোজাইত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে সাংসদ দিলীপ শইকীয়াই।
