নিউজ ডেস্ক: অমিত শ্বাহৰ হেলিকপ্টাৰত যান্ত্ৰিক বিজুতি। ওদালগুৰিৰ জনসভাত অংশগ্ৰহন কৰি উভতিব খোজোঁতেই ধৰা পৰিল বিজুতি। ইয়াৰ ফলত ৰাষ্ট্ৰীয় পথেদি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে । গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত হ’বলগীয়া বিজেপিৰ সাংগঠনিক সভাত অংশ লব।
ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে মাজুলী আৰু জোনাইত দুখনকৈ নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ দলক বিশ্বাস নকৰিবলৈ আহ্বান জনাই জনসাধাৰনক । বদৰুদ্দিন আজমলক “আধুনিক কালাপাহাৰ “বুলিও কটাক্ষ কৰাৰ সমান্তৰালকৈ মিচিং জনগোষ্ঠীৰ উন্নয়নৰ বাবে সুকীয়া বোৰ্ড গঠন কৰিব বুলি আশ্বাস ,বড়োলেণ্ডৰ সমস্যা সমাধান কৰা, অসমৰ বান সমস্যাক ডাঙৰ ডাঙৰ পুখুৰী খান্দি সমাধান কৰিব অহা ৫ বছৰৰ ভিতৰত বুলি উল্লেখ কৰে ৷জোনাইৰ জনসভাত ভোটাৰ ৰাইজক উন্নয়নৰ ধাৰা অৱধাৰিত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী ভূৱন পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় গৃহমন্ত্ৰী গৰাকীয়ে ৷