নিউজ ডেস্ক: কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন | তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আজি তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ।
বিজনীৰ উলুবাৰীত অজয় কুমাৰ ৰয়ৰ হৈ ১১.৩০ বজাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। দুপৰীয়া ১ বজাত হাজো সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব শ্বাহে। সোনাপুৰত অতুল বৰাৰ হৈ দুপৰীয়া ২.৪০ মিনিটত এখন জনসভাত অংশগ্ৰহন কৰিব অমিত শ্বাহে ।অমিত শ্বাহক হাজোৰ সভাত সংগ দিব বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷
ইয়াৰ উপৰি কেন্দ্রীয় মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰে গোসাঁইগাঁও আৰু পশ্চিম কোকৰাঝাৰত নির্বাচনী প্রচাৰত উপস্থিত থাকিব৷আনহাতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্বাচনী প্রচাৰ চলাব ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ, পূব বিলাসীপাৰা, চিদলী, চাপাগুৰি আৰু বৰমাত ৷‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা চাপাগুৰি, তামুলপুৰ, বৰপেটা, সৰুক্ষেত্রী, ভৱানীপুৰ আৰু সৰভোগত নির্বাচনী প্রচাৰ চলাব৷