গুৱাহাটী – মহাৰাষ্ট্ৰৰ বিধায়ক একনাথ সিন্ধেৰ মুকলি বিদ্ৰোহে শিৱসেনা, কংগ্ৰেছ, এনচিপিৰ সন্মিলিত এমভিপি চৰকাৰক বাৰুকৈ শলঠেকত পেলাইছে। পূৰ্বে খবৰ পোৱা গৈছিল যে শিৱসেনাৰ এইগৰাকী নেতাৰ প্ৰতি ২০ জনতকৈও অধিক বিধায়কৰ সমৰ্থন আছিল। যদি একনাথ সিন্ধেই মাত্ৰ ২০ জন বিধায়কৰ সৈতে ঠাকৰে চৰকাৰ উৎখাত কৰিবলৈ চেষ্টা কৰিলেহেতেন, তেন্তে তেওঁ দলত্যাগ বিৰোধী আইনৰ আওতালৈ আহিলহেতেন আৰু ফলত তেওঁৰ মহাৰাষ্ট্ৰ বিধানসভাৰ সদস্যপদ খাৰিজ হ’লহেঁতেন। কিন্তু শেহতীয়া তথ্য অনুসৰি সিন্ধেৰ হাতত সংখ্যা প্ৰায় দুই-তৃতীয়াংশ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই সংখ্যা লাভ কৰিব পাৰিলেই সিন্ধে সংশ্লিষ্ট আইনখনৰ আওতালৈ নাহিব।

এই আটাইবোৰ আলোচনা এইবাবেই কৰিবলগীয়া হৈছে, কিয়নো বুধবাৰে ৰাতিপুৱা অসমত হাজিৰ হৈছে একনাথ সিন্ধেসহ মহাৰাষ্ট্ৰৰ এক বৃহত্ বিধায়কৰ দল। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আতিথ্য গ্ৰহণ কৰিছে চুৰাটৰ পৰা পোনে পোনে অসমলৈ অহা ৪১ জনীয়া বিধায়কৰ দলটো। তেওঁ লগতে দাবী কৰিছে যে অতি শীঘ্ৰেই আৰু ১০ জন বিধায়কে একনাথ সিন্ধেৰ সৈতে যোগদান কৰিব।

সিন্ধেই কৈছে, “ইয়াত ৪১ জন বিধায়ক মোৰ সৈতে আছে। অতিৰিক্ত ১০ জন বিধায়কে সোনকালেই মোৰ ওচৰলৈ আহি আছে। মই কাকো সমালোচনা কৰিবলৈ নিবিচাৰো। আমি স্বৰ্গীয় বালাচাহেব ঠাকৰেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা সেনা অব্যাহত ৰাখিবলৈ আগ্ৰহী।”

যদি এয়াই সঁচা হয়, তেন্তে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাবে ভাল খবৰ নহয়। শেহতীয়াকৈ অহা তথ্য অনুসৰি মহাৰাষ্ট্ৰত এক জৰুৰী বৈঠকৰ আয়োজন কৰিছে উদ্ধৱ ঠাকৰেই। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰো সম্ভাৱনা আছে ঠাকৰেৰ।

উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভাত শিৱসেনাৰ ৫৬ জন বিধায়ক আছে। দলত্যাগ বিৰোধী আইন কাৰ্যকৰী হোৱাটো প্ৰতিহত কৰিবলৈ একনাথ সিন্ধেক ৩৭ জন শিৱসেনাৰ বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন।

মহাৰাষ্ট্ৰ বিধানসভাৰ আসনৰ সংখ্যা ২৮৮ খন। ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ এটা দল বা মিত্ৰজোঁটক ১৪৫ খন আসনৰ প্ৰয়োজন। এমভিএ-ৰ সম্প্ৰতি আছে ১৬৯ জন বিধায়ক। ইয়াৰ ভিতৰত এনচিপিৰ ৫৩ জন আৰু কংগ্ৰেছৰ ৪৪ জন আৰু নিৰ্দলীয় বিধায়ক।

গতিকে একনাথ সিন্ধেক শিৱসেনা চৰকাৰক উৎখাত কৰিবলৈ এতিয়া প্ৰয়োজন মাত্ৰ ২৫ জন বিধায়কৰ।

মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ বিজেপিক কিমানজন বিধায়কৰ প্ৰয়োজন?

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাত ১১৩ খন আসন আছে। বিজেপিৰ সংখ্যা ১০৬। মিত্ৰজোঁটটোক চৰকাৰ গঠনৰ বাবে ৩২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। অৱশ্যে, যদি বিজেপিক সমৰ্থন কৰা শিৱসেনাৰ বিধায়কৰ সংখ্যা ৩৮ তকৈ কম হয়, তেওঁলোকক বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰিব পৰা যাব। যদি দলত্যাগ বিৰোধী আইন এই ক্ষেত্ৰত প্ৰযোজ্য হয়, তেন্তে সিন্ধে নেতৃত্বাধীন শিৱসেনাৰ বিধায়কসকলে চৰকাৰ উৎখাত কৰিব পাৰে, কিন্তু তেওঁলোকে বিজেপিক সহায় কৰিব নোৱাৰিব। তেতিয়া এমভিএয়ে এই আসনসমূহৰ নিৰ্বাচন নোহোৱালৈকে সংখ্যালঘু চৰকাৰ চলাব। এই আটাইকেইটা পৰিস্থিতিতে, দুয়োপক্ষই আস্থা ভোটৰ দ্বাৰা বিধানসভাৰ মঁজিয়াত তেওঁলোকৰ সংখ্যা প্ৰমাণ কৰিব লাগিব।

উদ্ধৱ ঠাকৰেৰ ওচৰত একনাথ সিন্ধেৰ দাবী কি?

শিৱসেনাই হিন্দুত্বৰ সৈতে সম্পৰ্কিত একাধিক বিষয়ত দলৰ স্থিতি হ্ৰাস কৰাৰ অভিযোগত অসন্তুষ্ট একনাথ সিন্ধে আৰু তেওঁৰ সৈতে থকা শিৱসেনাৰ নেতাসকল। কেৱল সেয়াই নহয়, শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ বিপৰীতে আদৰ্শগতভাৱে মিত্ৰতা কৰাতো অসন্তুষ্ট। সিন্ধেই দাবী কৰিছে যে সেনাই ইয়াৰ পৰম্পৰাগত সহযোগী বিজেপিৰ সৈতে অংশীদাৰী হ’ব কিয়নো দুয়োটা দলৰ একে ধৰণৰ আদৰ্শগত প্ৰৱণতা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply