বিজেপিয়ে অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৭ জনীয়া তালিকা

নিউজ ডেস্ক: বহু জল্পনা কল্পনাৰ অন্তত বিজেপিয়ে দিছপুৰ সমষ্টিৰ বাবে অতুল বৰা আৰু পূব গুৱাহাটী সমষ্টিৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামেই ঘোষণা কৰিছে | দুয়োখন আসনৰ বাবে বহুকেইগৰাকী প্ৰাৰ্থী শক্তিশালী দাবীদাৰ আছিল যদিও সকলোকে উফৰাই দুয়ো বৰ্তমানৰ বিধায়ককে প্ৰৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লয় দলে | আনহাতে হাজো সমষ্টিৰো প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ নামো দলীয় প্ৰাৰ্থিত্বৰ তালিকাত সোমাই | পলাশবাৰী সমষ্টিত প্ৰনব কলিতাৰ স্থানত প্ৰাৰ্থী হ’ল হেমাংগ ঠাকুৰীয়া |
আজি দিল্লীত ঘোষণা কৰা তালিকা মৰ্মে ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, বৰক্ষেত্ৰীত নাৰায়ন ডেকা, বাঘবৰত হাচিনাৰা খাটুন, জনিয়াত ছাহিদুল ইছলাম, জলেশ্বৰত ওচমান গনি, দুধনৈত শ্যামজিত ৰাভা, বিজনীত অজয় কুমাৰ ৰয়, বিলাসীপাৰা পূবত অশোক সিংঘি, বিলাসীপাৰা পশ্চিমত ডা°আবু বক্কৰ চিদ্দিক, গোলোকগঞ্জত অশ্বিনী ৰায় চৰকাৰ,ধুবুৰীত দেৱময় শ্যানাল, শালমৰা দক্ষিণত আৰ্ছাদুল ইছলাম আৰু নিজা সমষ্টি এৰি পাটাচাৰকুছিলৈ যোৱা বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি সৰভোগত প্ৰাৰ্থী হিচাবে দিছে শংকৰ চন্দ্ৰ দাসক |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply