গুৱাহাটী: ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ পুনৰ গৃহকন্দল আৰম্ভ হৈছে অসম বিজেপিত। লোকসভা নিৰ্বাচনত কোন সমষ্টিত কোনে দলীয় টিকট লাভ কৰিব তাকে লৈ ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত আৰম্ভ হৈছি তীব্ৰ মতানৈক্য। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে লোকসভাৰ বাবে দলীয় প্ৰাৰ্থী বাচনি কৰাৰ ক্ষেত্ৰত এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পচন্দই অগ্ৰাধিকাৰ লাভ কৰিব। লগত থাকিব সোণোৱালৰ ঘনিষ্ঠ বুলি পৰিচিত কেন্দ্ৰীয় ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ ৰিপ’ৰ্ট ভিত্তিক তালিকা।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় বিজেপিৰ কেন্দ্ৰীয় নীতি-নিৰ্ধাৰণ কমিটিৰ সদস্য হিচাপে আছে সৰ্বানন্দ সোণোৱাল। উল্লেখ্য যে এই কমিটিত স্থান লাভ কৰা একমাত্ৰ উত্তৰ-পূৱৰ ৰাজনীতিবিদ হৈছে সৰ্বানন্দ সোণোৱাল। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিয়পাত্ৰ সৰ্বানন্দ সোণোৱাল আছে বিজেপিৰ নিৰ্বাচনী সমিটিতো। ইফালে অসমৰ ১২ খন আসন বিজেপিৰ হাতলৈ নিয়াৰ বাবেও লক্ষ্য বান্ধি দিয়া হৈছে সৰ্বানন্দ সোণোৱালক।

কাজেই, ৰিজাল্ট ভাল কৰাৰ দায়িত্ব কান্ধত লৈ আনে সাজু কৰা তালিকা মতে কাম নকৰিব সৰ্বানন্দ সোণোৱালে। কিন্তু ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰণনীতি আৰু দায়িত্বক একাষৰীয়াকৈ থৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে নিজাকৈ প্ৰস্তুত কৰিছে প্ৰাৰ্থী তালিকা। ইয়াৰ বাবে সঘনে বাৰ্তালাপ অব্যাহত ৰাখিছে দিল্লী নেতৃত্বৰ সৈতেও।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ শিবিৰে লোকসভা নিৰ্বাচনৰ বাবে পচন্দৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাটো স্বাভাৱিক। পিছে ৰাষ্ট্ৰীয় নেতৃত্বৰ দায়িত্ব লাভ কৰি লোকসভা প্ৰভাস আৰম্ভ কৰা কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কিৰেন ৰিজিজুৱে সমষ্টিয়ে সমষ্টিয়ে ঘুৰি গ্ৰাউণ্ড ৰিপ’ৰ্ট সাজু কৰিছে। জানিব পৰা মতে দুই মন্ত্ৰীয়ে দাখিল কৰিবলগীয়া এই ৰিপ’ৰ্টৰ ভিত্তিতে ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্ধাৰণ কৰিব প্ৰাৰ্থী। ইয়াত নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱালে দাখিল কৰা প্ৰাৰ্থী তালিকাই অগ্ৰাধিকাৰ লাভ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীতদ্বয়ে লোকসভা প্ৰভাস চলাই থকাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসিদ্ধ ষ্টাইলত নিৰ্বাচনী চমক দি আহিছে, লগতে শ্বৰ্টলিষ্ট কৰি উলিয়াইছে প্ৰতিটো সমষ্টিৰ বিপৰীতে ৩ গৰাকীকৈ প্ৰাৰ্থীৰ নাম। দলীয় শীৰ্ষসূত্ৰই সদৰী কৰা মতে আগন্তুক নিৰ্বাচনৰ বাবে দলী যোগ্য প্ৰাৰ্থী নাম বিচাৰিবলৈ আৰম্ভ কৰাৰ সময়তে কিন্তু দলৰ দুই শীৰ্ষ কাণ্ডাৰীয়ে অৱস্থান কৰিছে দুই মেৰুত। প্ৰাপ্ত তথ্য অনুসৰি সৰ্বানন্দ সোণোৱালে প্ৰস্তুত কৰা তালিকাত নাম নাই হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম। ইয়াকে লৈ দলৰ মঁজিয়াত আৰম্ভ হৈছে চেঁপা উত্তেজনাৰ।

উল্লেখ্য যে বিজেপিৰ দস্তুৰ অনুসৰি একেগৰাকী প্ৰাৰ্থীক বিজেপিয়ে বাৰম্বাৰ সুযোগ নিদিয়ে আৰু বিৰোধীৰ লগতে ভোটাৰ ৰাইজক সন্মোহিত কৰিবৰ বাবে নতুন মুখৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হয় স্পৰ্শকাতৰ সমষ্টিৰ পৰা। তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আস্থাভাজন হ’ব নোৱাৰা একাধিক মন্ত্ৰীক সাংসদ হিচাপে দিল্লীলৈ প্ৰেৰণ অথবা তেওঁলোকক নিৰ্বাচনত হৰুৱাই, তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰ অস্তাচললৈ নিয়াৰ গোপন অভিসন্ধি ৰচনা কৰিছে বুলিও চৰ্চা চলিছে। জানিব পৰা মতে দিল্লীলৈ প্ৰেৰণ বা ৰাজনৈতিক বলিৰ পঠা সজাবলৈ বিচৰা এই মন্ত্ৰীকেইগৰাকী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলিও পৰিচিত। এনে এক ৰাজনৈতিক অভিসন্ধিৰে একেপাত শৰেৰে সৰ্বানন্দ সোণোৱালক সন্তুষ্ট কৰা, তেওঁৰ ৰাজনৈতিক সিদ্ধান্তক ভুল প্ৰমাণিত কৰা আৰু একে সময়তে আস্থাভাজন নোহোৱা জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলক সংসদীয় ৰাজনীতিৰ পৰা আঁতৰাই ৰখাত সফল হোৱাৰ পৰিকল্পনা যুগুত কৰিছে ড০ শৰ্মা শিবিৰে।

কেৱল সেয়াই নহয়, কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ আৰু নগাওঁ লোকসভা সমষ্টিতো প্ৰক্ষেপ কৰা হ’ব নতুন প্ৰাৰ্থী। হিমন্ত মন্ত্ৰীসভাৰ ৰদ-বদল আৰু সম্প্ৰসাৰণৰ স্বাৰ্থত জ্যেষ্ঠমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, ৰণজিৎ কুমাৰ দাস আৰু পৰিমল শুক্লবৈদ্যক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ বিচৰা হৈছে। এতিয়া ৰাজ্যিক বিজেপিৰ দুই কাণ্ডাৰীৰ মৌন ৰাজনৈতিক যুঁজত বিজেপিৰ মিশ্যন ১৪৪ প্ৰভাৱিত হ’ব নেকি, সেয়া হ’ব লক্ষণীয় বিষয়।

লগতে পঢ়ক – পূৰবী ডায়েৰীত বিভিন্ন পদত ওলাইছে চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply