গুৱাহাটী – সমাগত নির্বাচনৰ সকলাে পর্যায়তে ভােট গ্রহণৰ দিনা নাইবা তাৰ আগদিনা কোনাে ৰাজনৈতিক দল বা প্রার্থী অথবা কোনাে সংস্থা নাইবা ব্যক্তিয়ে ৰাজনৈতিক বিজ্ঞাপনৰ বিষয়বস্তুসমূহ ৰাজ্যিক-জিলা পর্যায়ৰ মিডিয়া প্রামাণিকৰণ আৰু নিৰীক্ষণ সমিতিৰ আগতীয়া অনুমােদন অবিহনে ছপা সংবাদ মাধ্যমত কোনাে বিজ্ঞাপন প্রকাশ কৰিব নােৱাৰিব বুলি ভাৰতৰ নির্বাচন আয়ােগে এক নির্দেশ জাৰি কৰিছে। অসমৰ ক্ষেত্ৰত প্রথম পর্যায়ত ২৬ আৰু ২৭ মার্চ, ২০২১, দ্বিতীয় পর্যায়ত ৩১ মার্চ আৰু ১ এপ্রিল আৰু তৃতীয় পর্যায়ত ৫ আৰু ৬ এপ্রিল তাৰিখে বিজ্ঞাপন প্রকাশৰ ক্ষেত্ৰত প্রতিবন্ধকতা থাকিব।

বাতৰি কাকতৰ বিজ্ঞাপনসমূহৰ আগতীয়া প্রামাণিকৰণৰ প্রক্রিয়া সহজসাধ্য কৰি তােলাৰ অর্থে ৰাজ্যিক-জিলা পর্যায়ৰ মিডিয়া প্রামাণিকৰণ আৰু নিৰীক্ষণ সমিতিয়ে ৰাজনৈতিক দল, প্রার্থী আৰু অন্যান্যসকলৰ পৰা লাভ কৰা এনেধৰণৰ সকলাে বিজ্ঞাপন খৰতকীয়াকৈ পৰীক্ষা কৰিব লাগিব আৰু আগতীয়াকৈ প্রমাণপত্র দিব লাগিব বুলিও ভাৰতৰ নিবাচন আয়ােগে নির্দেশনা জাৰি কৰিছে। সকলাে ৰাজনৈতিক দল, প্রতিদ্বন্দ্বী প্রার্থী আৰু বাতৰি কাকতসমূহে এই নির্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply