জামুগুৰিহাটঃ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ তৃণমূল যাত্ৰাৰ সময়তেই চতিয়া সমষ্টিত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে৷ কিছুদিন পূৰ্বে চতিয়া সমষ্টিৰে কেইবাগৰাকীও কংগ্ৰেছী নেতাই দল ত্যাগ কৰাৰ পিছত বৃহস্পতিবাৰে সমষ্টিটোৰ জামুগুৰিহাটত প্ৰায় শতাধিক কংগ্ৰেছী নেতা কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ নৱগঠিত জামুগুৰি পৌৰসভাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বাপুজি ভৱনত অনুষ্ঠিত এখন সভাত কংগ্ৰেছ দলৰপৰা বিজয়ী হোৱা পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ পৰা বিগত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰপৰা প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়বৰণ কৰা নেতাকৰ্মী সহিতে শতাধিক কংগ্ৰেছীয়ে বিধায়ক পদ্ম হাজৰিকাৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰে৷
লগতে পঢ়কঃ পুনৰ গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিলে বিধায়ক অখিল গগৈয়ে
যোগদান কাৰ্যসূচীৰ অন্তত বিধায়কগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমুখী যাত্ৰাত আকৰ্ষিত হৈয়েই এইদৰে কেৱল মোৰ সমষ্টিতেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলৰপৰা বিজেপিত যোগদানৰ ধাৰা অব্যাহত আছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা চতিয়া সমষ্টিলৈ আহিলে এমুঠিমান মানুহ লৈ খালি চকীৰ সন্মুখত ভাষণ দিব লাগিব বুলিও কটাক্ষ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আনহাতে চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালৰ পূৰ্বে বিধায়কসকলক একলগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ খতিয়ানৰ লগতে সমষ্টিৰ অভাৱ অভিযোগৰ ওপৰতো আলোচনা কৰাৰ যি পদক্ষেপ হাতত লৈছে সেয়া আদৰণীয় বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷