নিউজ ডেস্কঃ বিহাৰত বিজেপি-জেডিইউ চৰকাৰৰ পতন ঘটিল। মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জনতা দল(ইউনাইটেড)যে NDAৰ লগত থকা মিত্ৰতা ভংগ কৰি পদত্যাগ কৰে।
নীতিশে কুমাৰে আজি অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে বিয়লি চাৰি বজাত শপত গ্ৰহণ কৰিব। আৰজেডিৰ তেজস্বী যাদৱ হ’ব উপ মুখ্যমন্ত্ৰী। কিন্তু এই পৰিকল্পনা নতুন নহয়। কিছুদিনৰ পূৰ্বেই বিহাৰত পুনৰ নীতিশ-তেজস্বী চৰকাৰ গঠন হোৱাৰ ইঙ্গিত পোৱা গৈছিল। যোৱা কেইবামাহধৰি, বিজেপি আৰু জেডি(ইউ)ৰ মাজত বিভেদ বাঢ়ি আহিছে। নীতিশ কুমাৰক পূৰ্বেও কেইবাবাৰু বিজেপিৰ পৰা আঁতৰি গৈ আৰজেডিৰ দলৰ লগত দেখা গৈছিল। এতিয়া প্ৰশ্ন হৈছে নীতিশ কুমাৰে তেতিয়াৰে পৰাই আৰজেডিৰ সৈতে মিলিত হয় চৰকাৰ গঠনৰ পৰিকল্পনা কৰি আছিল নেকি?
নীতিশ কুমাৰক এপ্ৰিলত আৰজেডিৰ ইফতাৰ পাৰ্টিত দেখা গৈছিল। নীতিশ কুমাৰক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানক ধৰি নীতি আয়োগৰ বৈঠকতো অনুপস্থিত আছিল। এইবোৰ ঘটনাই নীতিশক বিজেপিৰ পৰা আঁতৰি যোৱাৰ স্পষ্ট ইংগিত দিছিল। ইয়াৰ পিছত মঙলবাৰে, বিহাৰত ৰাতিটোৰ ভিতৰতে বিজেপি-জেডিইউ চৰকাৰৰ পতন হৈছিল। বিধায়ক আৰু সাংসদসকলৰ সৈতে বৈঠকৰ পিছত, নীতিশ কুমাৰে কয় যে তেওঁ এনডিএ পদত্যাগ কৰিব। লগতে আৰজেডি আৰু কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ দাবী জনাইছিল। নীতিশ কুমাৰে পুনৰ আজি মহাজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেজস্বী যাদৱ হ’ব উপ মুখ্যমন্ত্ৰী।
অৱশ্যে, লালু প্ৰসাদ যাদৱ, নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে বিহাৰত চৰকাৰ পৰিৱৰ্তনৰ সন্দৰ্ভত যোৱা দুমাহ ধৰি আলোচনা কৰি আছিল বুলি জানিব পৰা গৈছে। নীতিশে বিভিন্ন দলৰ দপ্তৰ চূড়ান্ত কৰাৰ পিছত বিজেপি ত্যাগ কৰিছিল। নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ মাজত ১৫ দিন পূৰ্বে চুক্তি স্বাক্ষৰিত হৈছিল। যোৱা দুমাহ ধৰি তিনিওটা দলৰ শীৰ্ষ নেতাসকলৰ মাজত কেইবাটাও গোপন আলোচনা চলি আছিল।
ইফালে বিজেপিয়েও নীতিশৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। বিজেপিয়ে মঙলবাৰে কৈছিল যে তেওঁলোকেও জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰিব নিবিচাৰে। তেওঁলোক আশাবাদী যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিহাৰত ভাল প্ৰদৰ্শন কৰিব। অৱশ্যে, আৰম্ভণিৰ পৰাই বিজেপিয়ে নীতিশৰ ওপৰত চকু ৰাখিছিল। ২২ এপ্ৰিলত এটা ইফতাৰ পাৰ্টীত লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ আৰু আৰজেডিৰ বিধায়ক তেজ প্ৰতাপ যাদৱে দাবী কৰিছিল যে আৰজেডিয়ে শীঘ্ৰেই বিহাৰত চৰকাৰ গঠন কৰিব। মন কৰিকৰিব লগীয়া যে নীতিশ কুমাৰো ইফতাৰ পাৰ্টিত উপস্থিত আছিল। অৰ্থাৎ, দুমাহ ধৰি কৰা এই পৰিকল্পনাৰ ইংগিত স্পষ্ট।