নিউজ ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে দলটোৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল অহা বৰ্ষৰ জুন মাহলৈ বঢ়াই দিছে। মঙলবাৰে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দলৰ এই সিদ্ধান্তৰ কথা অৱগত কৰি কয়, ‘‘দলৰ হৈ মই নাড্ডাজীক তেওঁৰ দৃঢ় নেতৃত্ব আৰু অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু পৰৱৰ্তী কাৰ্যকালৰ বাবে তেওঁক অভিনন্দন জনাইছো।’’
ইতিমধ্যে বিজেপিৰ সংসদীয় বৰ্ডে নাড্ডাৰ সভাপতি কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্তৰ অনুমোদন জনাইছে।
দলৰ এই সিদ্ধান্ত পিছতে এটা টুইট যোগে নাড্ডাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সকলো সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰে। ‘‘অহা লোকসভা নিৰ্বাচনত আমি মোদীজীৰ নেতৃত্বত দুই-তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠাৰে বিজেপি চৰকাৰ গঠন কৰিব লাগিব,’’ তেওঁ কয়।
উল্লেখযোগ্য যে ২০১৯-ৰ লোকসভা নিৰ্বাচনৰ সময়তো সেই সময়ত বিজেপিৰ সভাপতিৰ দায়িত্বত থকা অমিত শ্বাহৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল যাতে তেওঁ নিৰ্বাচনৰ সময়ত দলটোক নেতৃত্ব প্ৰদান কৰিব পাৰে।
২০২০ চনৰ ২০ জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰা জে পি নাড্ডাৰ নেতৃত্বত বিজেপিয়ে কেইবাখনো বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ লগতে ১২০ টা উপ নিৰ্বাচনৰ ৭৩ টাত জয়লাভ কৰিছে বুলি অমিত শ্বাহে জানিবলৈ দিয়ে।
শ্বাহে লগতে কয় যে নাড্ডায়ে নেতৃত্ব দিয়া সময়ছোৱাত বিজেপিয়ে বুথ পৰ্যায়ৰ পৰা একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ‘সেৱাই সংগঠন’ নীতিত কাম কৰি গৈছে।
উল্লেখযোগ্য যে নাড্ডাৰ নেতৃত্বত বিজেপিয়ে অসম, মণিপুৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আদি ৰাজ্যত চৰকাৰ গঠন কৰাৰ গোৱাত প্ৰথমবাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হয়।
লগতে পঢ়ক – ক’ভিড ভেকচিন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া