গুৱাহাটীঃ আজি কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱা ৭.৩০বজাৰ পৰা ৯০৮টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত হৈছে ভোটগ্ৰহণ। প্ৰত্যেকেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভোটকেন্দ্ৰ সমূহত শাৰী পাতিছে। কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন।

এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ১৫৪ জন প্ৰাৰ্থীয়ে। বিজেপিয়ে ২৬টা সমষ্টিত, কংগ্ৰেছে ২৪টা, আপে ১০টা আৰু ১৫টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে ASDC-CPI-CPI(ML)য়ে। কাৰ্বিপাহাৰৰ ৭ লাখ ৩ হাজাৰ ভোটাৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩,৫৫,৮৭১ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৩,৪৮,১৮৪ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৫ গৰাকী। কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল শুকুৰবাৰে ঘোষণা হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,335 other subscribers

Leave a comment

Leave a Reply Cancel reply