নিউজ ডেস্ক– তামিলনাডু বিধানসভাৰ নিৰ্বাচনৰ বাবে কমল হাছানৰ দলে মুকলি কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। কমল হাছানে গঠন কৰা মাক্কাল নিধি মায়াম দলে প্রথমবাৰলৈ এইবাৰৰ নির্বাচনত অৱতীর্ণ হ’ব ৷
দাক্ষিণাত্য়ৰ এসময়ৰ জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিক কমল হাছানে আগন্তুক বিধানসভা নির্বাচনত তামিলনাডুৰ কইম্বাটোৰ দক্ষিণ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব ৷
উল্লেখনীয় যে তামিলনাডুত ৬ এপ্রিলত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন ৷
দলটোৱে এইবাৰ ৰাজ্যখনৰ মুঠ ১৫৪ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে ৷
উল্লেখ্য যে মাক্কাল নিধি মায়াম দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহৰো নাম ঘোষণা কৰে।