গুৱাহাটী: ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰ চাৰিটা সমষ্টিত কাক প্ৰাৰ্থীত্ব দিব | দিছপুৰ সমষ্টিটো মহাজোঁটৰ অংশীদাৰী দল আঞ্চলিক গণ মর্চাক গতাই দিব বিচৰাক লৈ বহুধাবিভক্ত হৈছে কংগ্রেছ শিবিৰ৷ ৪.৩৬ লাখ ভোটাৰ থকা সমষ্টিটোত আঞ্চলিক গণ মর্চাৰ প্রার্থী মনজিত মহন্তক গটাই দিবলৈ লোৱা কাৰ্যক লৈ অসন্তোষ্ট কংগ্ৰেছ কৰ্মীসকল ৷

২০০১ চনৰ পৰা ২০১৬ চনলৈকে কংগ্রেছৰ দখলত থকা সমষ্টিটোত যোৱা নির্বাচনত বিজেপিৰ প্রার্থী অতুল বৰা জয়ী হৈছিল৷ সমাগত বিধানসভা নির্বাচনত দিছপুৰ সমষ্টিটোত শাসনাধিষ্ঠিত বিজেপি আৰু প্রধান বিৰোধী দল কংগ্রেছৰ বহুকেইগৰাকী প্রার্থীয়ে প্রার্থিত্ব বিচাৰিছে৷ বিধায়ক অতুল বৰাক প্রত্যাহ্বান জনাই সমষ্টিটোৰ পৰা দলীয় প্রার্থিত্ব বিচাৰিছে যুৱ নেতা মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে৷

ইফালে কংগ্রেছৰ পৰা প্রার্থিত্ব বিচাৰিছে প্রাক্তন মন্ত্রী অকণ বৰা, জ্যেষ্ঠ কংগ্রেছ নেতা বলীন বৰদলৈ, বন্তি দাস চৌধুৰী আৰু ভৱ বৰাই৷ এতিয়ালৈকে দিছপুৰ সমষ্টিৰ প্রার্থীৰ তালিকা ঘোষণা কৰা নাই শাসনাধিষ্ঠিত বিজেপি আৰু প্রধান বিৰোধী কংগ্রেছ দলে৷ আঞ্চলিক গণ মর্চাক সমষ্টিটো এৰি দিয়াৰ কথা প্ৰকাশ পোৱাত তৃণমূল কর্মীসকলে প্রতিবাদী কার্যসূচীও গ্রহণ কৰিছিল৷

আনুষ্ঠানিক ঘোষণা নহ’লেও ৰাজ্যিক নেতৃত্বই আঞ্চলিক গণ মর্চাক সমষ্টিটো এৰি দিয়াটো একপ্রকাৰ খাটাং হোৱাত সম্প্রতি কংগ্রেছৰ নেতা–কর্মীসকল দুটা শিবিৰত বিভক্ত হৈ পৰিছে৷ এটা শিবিৰে মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তক লগত লৈ প্রচাৰ কার্যত নামি পৰিছে ৷আনহাতে আজি ঘোষণা হব লগীয়া পূৱ গুৱাহাটী সমষ্টিত বিজেপিৰ টিকট পুনৰ পাব বুলি নিশ্চিত বুলি ক’লে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই, তেও কয়- ‘কেৱল আনুষ্ঠানিকতাহে বাকী’, লগতে কলে, মই টিকট লাভ কৰিছো বুলি খবৰ পাইছো। দলে মোক অন্যয় নকৰে বুলি মোৰ বিশ্বাস।’ সেই হলে শান্তনু ভৰালী পুনৰ বঞ্চিত হব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,906 other subscribers

Leave a comment

Leave a Reply