নিউজ ডেস্ক: কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটো জ্যেষ্ঠ নেতা কপিল ছিব্বলে। আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে ছিব্বলে ঘোষণা কৰে এই কথা।

আজি সংবাদ মাধ্যমৰ আগত কপিল ছিব্বলে জনাই যে যোৱা ১৬ মে’ৰ দিনাই তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। ‘’১৬ মে’ত মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰোঁ, মই এতিয়া আৰু এজন ছিৰিয়াছ কংগ্ৰেছৰ নেতা নহয়,’’ তেওঁ কয়।

নিজৰ পদত্যাগৰ কাৰণ সম্পৰ্কে নেতাজনে বিশেষ মুখ খোলা নাই যদিও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, ‘’মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছো। সংসদত এজন নিৰ্দলীয় কণ্ঠ হিচাপে থকাটো দৰকাৰী। যদি এজন নিৰ্দলীয় সদস্যই মাত মাতে তেতিয়া তেওঁ যে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় সেই কথা মানুহে বিশ্বাস কৰিব।’’   

অৱশ্যে ছিব্বলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে যদিও তেওঁক সমাজবাদী পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছে। লক্ষ্ণৌ বিধানভৱনত ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে সমাজবাদী পাৰ্টিৰ প্ৰমুখ অখিলেশ যাদৱ উপস্থিত থাকে।

উল্লেখযোগ্য যে এগৰাকী শীৰ্ষ অধিবক্তা হিচাপে পৰিচয় থকা কপিল ছিব্বল কংগ্ৰেছত বৰ্তমান থকা আটাইতকৈ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত অন্যতম। শেহতীয়াকৈ তেওঁক কংগ্ৰেছৰ গান্ধী নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল।

লগতে পঢ়ক – ৰঙিয়াত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply