নিউজ ডেস্ক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত ৰাজ্যৰ বহু কেইটা অঞ্চলত ইভিএম মেচিনক লৈ উত্তেজনাৰ সৃষ্টি হয় | নিশা ভোটগ্ৰহন কেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ আনি থকা অৱস্থাত EVM মেচিন বিধায়কৰ বাহনত দেখা পাই উত্তেজিত হৈ পৰে স্থানীয় জনতা | একাংশ বিষয়াই EVM সালসলনি কৰাৰ অভিযোগকলৈ পাথাৰকান্দিত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কৰিমগঞ্জৰ কানিশাইলত EVMক লৈ নিশা গুলীচালনা |এখন বলেৰ’ত EVM উদ্ধাৰ হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় |
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই শূন্যলৈ আৰক্ষীৰ তিনিজাঁই গুলীচালনা কৰে | পাথাৰকান্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষেন্দু পালৰ ব’লেৰ AS01-0022 গাড়ীৰ পৰা উদ্ধাৰ হোৱা ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি হৈছে | এই ঘটনাক লৈ গোচৰ ৰুজু হৈছে | কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই ঘটনাই বিজেপিয়ে চলাই থকা কাৰ্যই পোহৰলৈ আহিছে বুলি মন্তব্য কৰে | এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক কঠোৰ ব্যবস্থা লবলৈ দাবী জনাই |
আৰু পঢ়কঃ আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোতে বিভিন্ন ঠাইত সংঘটিত হয় নিৰ্বাচনকেন্দ্ৰিক হিংসা৷ দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ ৰাজাপুখুৰী ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ইভিএম লৈ যোৱাত বাধা প্ৰদান কৰে ৰাইজে৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰা গুলীচালনাত কেইবাজনো লোক আহত হয়। আৰক্ষীৰ গুলীত আহত তিনিজন ক্ৰমে ইছমাইল আলী আৰু মোছা আলী আৰু হাছমত আলী। তিনিওৰে ঘৰ ৰাজাপুখুৰী গাঁৱত৷ আহত তিনিওজনকে ‘মঙলদৈ অসামৰিক চিকিৎসালয়’লৈ প্ৰেৰণ কৰে যদিও গুৰুতৰভাৱে আহাত ইছমাইল আলীক নিশাই ‘জিএমচিএইচ’লৈ প্ৰেৰণ কৰে৷
আৰু পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আগমণ বহুকেইগৰাকী হাইপ্ৰফাইল নেতাৰ
ইয়াৰ বিপৰীতে ভোটদানৰ পিছদিনাহে মুকলি হ’ল, মুঠ ভোটদানতকৈ ই ভি এম মেছিনত ভোটৰ সংখ্যা অধিক। এই চাঞ্চল্যকৰ ঘটনা ৯০ নং যমুনামুখ সমষ্টিৰ ডবকা ভোট কেন্দ্ৰত সংঘটিত হৈছে । কালি ভোটদান সম্পন্ন হৈ যোৱাৰ পিছতে আজি হে এই চাঞ্চল্যকৰ ঘটনাৰ কথা পোহৰলৈ আহে। ৬৩নং পুৰাণ বজাৰ মক্তাব স্কুলত মুঠ ভোটদানতকৈ ইভএমত ভোটৰ সংখ্যা অধিক।জানিব পৰা মতে, কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা ৫০৯টা, ইয়াৰে ভিতৰত মুঠ ভোটদান হৈছে ৩৯০ টা । কিন্তু ইভিএমত দেখাগৈছে ৪৩৮ টা ভোট।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ভোটদানৰ হাৰ ৭৭.২১শতাংশ।জিলা ভিত্তিত সৰ্বাধিক ভোটদান সাব্যস্ত কৰা জিলাখন হৈছে নলবাৰী। নলবাৰীত ৮৬.৬৯শতাংশ ভোটদান।সৰ্বনিম্ন ভোটদান সম্পন্ন হোৱা জিলা কাছাৰ। কাছাৰত ৭২.২৮শতাংশ ভোটদান। ইফালে লাহৰীঘাট সমষ্টিত ৮৭. ২৯শতাংশ ভোটদান আৰু লক্ষীপুৰ সমষ্টিত সৰ্বনিম্ন ৭০.১২শতাংশ ভোটদান।