নিউজ ডেস্কঃ এতিয়া পলে পলে সলনি হৈছে ভাৰতৰ ৰাজনীতি। যি সময়ত বিৰোধী দল সমূহে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে মানিবলৈ বিচাৰা নাছিল এতিয়া সেই দলসমূহে কংগ্ৰেছ যুৱৰাজৰ হৈ মাত মাতিছে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ কেৱল মাত্ৰ এটা বা দুটা দলেই নহয় সমগ্ৰ ভাৰতৰ বিৰোধী দলে এতিয়া এক গোট হোৱা দেখা গৈছে।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, তৃণমূল কংগ্ৰেছৰ সভানেত্রী মমতা বেনাৰ্জী, শিবসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে, সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদৱ, অসমৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আদি সকলো জাঙুৰ খাই উঠিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দেশৰ ১৩০ কোটি নাগৰিকক ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়।

লগতে কেজৰিৱালে কয়, এই যুদ্ধ কেৱল ৰাহুল গান্ধী বা কংগ্ৰেছৰ যুদ্ধ নহয়, এই যুদ্ধ দেশক ৰক্ষা কৰাৰ যুদ্ধ। এই যুদ্ধ এজন অল্পশিক্ষিত আৰু অহংকাৰী ব্যক্তিৰ পৰা দেশক উদ্ধাৰ কৰাৰ যুদ্ধ হে। বর্তমান দেশত যি চলি আছে, সেয়া দেশৰ বাবে ভয়ংকৰ। সমগ্র দেশত এনে এক পৰিবেশ তৈয়াৰ কৰিব খোজা হৈছে যে যাতে গোটেই দেশখনত কেৱল এটাই ৰাজনৈতিক দল থাকে। বিজেপিয়ে এক দল এক দেশ প্রৱর্তন কৰিব বিচাৰিছে।

ইফালে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নতুন ভাৰতবৰ্ষত এতিয়া দেশৰ বিৰোধী নেতাসকল বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। বিজেপিৰ কলংকিত আৰু ফৌজদাৰী গোচৰত অভিযুক্ত নেতাসকলে কেবিনেটত স্থান লাভ কৰিছে আৰু বিৰোধী নেতাসকলক ভাষণৰ বাবেই জনপ্রতিনিধি পদৰ পৰা খাৰিজ কৰা হৈছে।

আনহাতে, সমাজবাদী পার্টিৰ সভাপতি অখিলেশ যাদৱে কয় যে, ‘পূৰ্বতে এনে কাৰণতে বিজেপিয়ে সমাজবাদী পার্টিৰ উত্তৰ প্ৰদেশৰ কেইবাজনো নেতাৰ পদ খাৰিজ কৰিছে। আজি কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ নেতাজনৰ সাংসদ পদ খাৰিজ কৰিছে বিজেপিয়ে। যদি এনে নিয়মেই সকলোৰে ক্ষেত্ৰত বলবৎ করা হয়, তেন্তে বিজেপিৰ বহু জনপ্রতিনিধিৰ পদ আজিয়েই খাৰিজ হ’ব লাগে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও কয়, ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত আজিৰ দিনটো ক’লা দিন। ই নৰেন্দ্ৰ মোডীৰ অহংকাৰ আৰু একনায়কত্ববাদৰ চূড়ান্ত নিদর্শন।  

ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি তথা মুখ্যমন্ত্রী হেমন্ত ছোৰেনে কয়, অমৃতকাল দেশত কেবল বিজেপিৰ নেতা-সদস্যৰ বাবেহে হৈছে। দেশবাসী বা বিৰোধীৰ ই আপদকালহে হৈছে।

অসমৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈয়ে কয় যে, বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। ই বিজেপি চৰকাৰৰ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক, ফেচিবাদী আৰু স্বৈৰাচাৰী কাণ্ড।

ইফালে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ো ফেচবুক যোগে লিখে যে, ৰাহুল গান্ধীয়ে সংসদৰ পৰা খাৰিজ কৰাটো চৰকাৰৰ হতাশা প্ৰদৰ্শন কৰিছে আৰু বিৰোধীৰ কণ্ঠস্বৰ বন্ধ কৰাৰ প্ৰয়াস কৰিছে। ই বিনাশ কালৰ বিপৰীত বুদ্ধি।

লগতে পঢ়ক – এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল মুকলি আকাশৰ তললৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply