চেঙা : চেঙাবাসীৰ মুখে মুখে এটাই শব্দ ‘খেলা হ’বে’। কৃষক, বেপাৰী, মহিলা, প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিক লাভ কৰা যুৱক-যুৱতীৰ মুখে মুখে চেঙাত আশ্রফুল ইছলামৰ ‘খেলা হ’বে’। বজাৰে বজাৰে উচ্চ সুৰত বাজিছে খেলা হ’বে, খেলা হ’বে গীত।

কংগ্ৰেছ, নিৰ্দলীয়াৰ লগতে এবাৰ অসম গণ পৰিষদৰ দখলত থকা চেঙা সমষ্টিত এইবাৰ উৰিব নেকি এ আই ইউ ডি এফৰ পতাকা। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ, দুয়োটা দলে বন্ধুত্বমূলকভাৱে প্ৰাৰ্থী প্ৰদান কৰা সমষ্টিটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকী বৃহৎ প্রত্যাহ্বান হিচাপে থিয় দিছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ সন্মুখত।

আৰু পঢ়কঃ কাইলৈ ৰাজ্যত ৩৯টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

বৰপেটা জিলাৰ চেঙা সমষ্টিত এইবাৰ এ আই ইউ ডি এফে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে এগৰাকী যুৱকক। এ ইউ ইউ ডি এফৰ প্ৰাৰ্থী আশ্রফুল হুছেইনৰ লগত বৰ্তমানৰ কংগ্ৰেছ দলৰ বিধায়ক শুকুৰ আলী আহমেদ সমষ্টিটোত বন্ধুত্বমূলকভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। শুকুৰ আলী সমষ্টিটোৰ পৰা চাৰি বাৰকৈ নিৰ্বাচনীত হৈছে যদিও শুকুৰ আলী আহমেদৰ কামকলৈ সমষ্টিবাসী ৰাইজ সন্তুষ্ট নহয়। এনে ক্ষেত্ৰত পঞ্চম বাৰৰ বাবে শুকুৰ আলী আহমেদ চেঙাৰ পৰা নিৰ্বাচিত হৈ অহাটো সহজ নহ’ব।

চৰাঞ্চলৰ এই সমষ্টিটোৰ প্ৰধান সমস্যা বানপানী আৰু গৰাখহনীয়া। প্ৰতিবছৰে বানপানীয়ে ব্যাপক ক্ষতি সাধন কৰা চেঙা সমষ্টিৰ ৰাইজৰ সন্মুখত গৰাখহনীয়া অন্যতম এক বৃহৎ প্ৰত্যাহ্বান। চেঙাবাসী ৰাইজক এই দুটা বৃহৎ প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰিবলৈ সমষ্টিটোৰ কোনো এগৰাকী বিধায়কে সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন কৰি সমষ্টিবাসীয়ে এইবাৰ পৰিবৰ্তন বিচাৰিছে।

আৰু পঢ়কঃ শক্তিপীঠত আশীষ লৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাওনা ৰাহুল গান্ধী

১৯৬৭ চনৰ পৰা পাঁচ বাৰকৈ কংগ্ৰেছৰ দখলত থকা বৰপেটা জিলাৰ চেঙা সমষ্টি ১৯৮৫ আৰু ১৯৯১ চনত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। ১৯৯৬ আৰু ২০০১ চনত সমষ্টিতো পুনৰ কংগ্ৰেছে দখল কৰিছিল যদিও ২০০৬ চনত প্ৰথম বাৰৰ বাবে সমষ্টিতো গৈছিল অগপৰ দখলত। ২০১১ আৰু ২০১৬ চনত চেঙা সমষ্টি কংগ্ৰেছে লাভ কৰিছিল যদিও এইবাৰ সমষ্টিটোত এ আই ইউ ডি এফে এগৰাকী শক্তিশালী যুৱকক প্ৰক্ষেপ কৰিছে। এতিয়া প্ৰশ্ন হ’ল চেঙাবাসী ৰাইজৰ পৰিৱৰ্তনৰ ঢৌত সমষ্টিটো হেৰুৱাই পেলাব নেকি কংগ্ৰেছ দলে ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply