লাহৰীঘাট – লাহৰীঘাটত ৰাইজৰ ক্ষোভ। বাপ-বেটা হাটাওঁ, সমষ্টি বচাওঁ শ্ল’গানেৰে ৰাইজে উত্তাল কৰিলে লাহৰীঘাট। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী আছিফ নাজাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে। পহুখেদা দিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন। ভোট গ্ৰহণলৈ দুটা দিন থকা মাজতে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে ৰাইজৰ ক্ষোভৰ বলি হৈছে কেইবাগৰাকী প্ৰাৰ্থীয়ে।

বৃহস্পতিবাৰে লাহৰীঘাট সমষ্টিত ৰাইজৰ ক্ষোভৰ বলি হ’বলগীয়া হয় সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিফ নাজাৰ। কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী সমষ্টিত উপস্থিত হোৱাৰ পিছতে ৰাইজ ক্ষোভিত হৈ প্ৰাৰ্থী গৰাকীক পহুখেদা দিয়ে।

উল্লেখ্য যে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ছিদ্দিক আহমেদে এক পদযাত্ৰা উলিয়াই প্ৰচাৰ চলাই থকাৰ সময়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিফ নাজাৰ উপস্থিত হয়। ইয়াতে ৰাইজ উত্তেজিত হৈ প্ৰাৰ্থী গৰাকীক পহুখেদা দিয়াৰ লগতে বাপ-বেটা হাটাওঁ, সমষ্টি বচাওঁ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ক্ষোভিত ৰাইজে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ অধিক উত্তাল কৰি তোলাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে পূৰ্বেও সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে সমষ্টিবাসী ৰাইজে ক্ষোভ উজাৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply