লখিমপুৰঃ পৌৰসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত লখিমপুৰত কংগ্ৰেছ দলত খহনীয়া। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীয় আশ্ৰাফুল হুছেইন হাজৰিকাই। পৌৰসভা নিৰ্বাচনৰ ১৩নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আশ্ৰাফুল। ”পৌৰসভা নিৰ্বাচনত টিকটৰ নামত কংগ্ৰেছত চলিছে ব্যাপক ধনৰ লেনদেন” বিজেপিত যোগদান কৰিয়ে আশ্ৰাফুল হুছেইন হাজৰিকাই বিস্ফোৰক মন্তব্য আগবঢা়য়।

ইফালে বিজেপি লৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ আগমণক লৈ উৎসাহী বিধায়ক মানৱ ডেকা। এতিয়া ১৩নং ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থী সিফজুৰ ৰহমান বৰুৱাই জয় লাভ কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

লখিমপুৰ জিলা বিজেপিৰ সভাপতিয়ে লখিমপুৰত পৌৰ নিৰ্বাচনত কংগ্রেছৰ শোচনীয় পৰাজয় হ’ব বুলি উল্লেখ কৰি কংগ্রেছক পৰাভূত কৰি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পাব বুলি দাবী জনাইছে।
বিজেপিয়ে যোগ্য প্ৰাৰ্থী দিয়াৰ বিপৰীতে কংগ্রেছ দলটো প্ৰাৰ্থীৰ সংকটত ভুগা বুলি উল্লেখ কৰি সভাপতি ফণীধৰ বৰুৱাই প্ৰাৰ্থী নোহোৱাৰ বাবে মাজুলীৰ উপ নিৰ্বাচনত যুজিবলৈ ধেমাজিৰ পৰা কংগ্রেছে প্ৰাৰ্থী ধাৰলৈ নিব লগীয়া হৈছে বুলি মন্তব্য কৰে।
লগতে পঢ়কঃনাম সলনি কৰি অসমৰ ইতিহাস বিকৃত কৰিব বিচাৰিছে বিজেপিয়ে: কংগ্ৰেছ

সদ্য সমাপ্ত ঠেঙাল পৰিষদীয় নিৰ্বাচনতো কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী জনৰ শোচনীয় পৰাজয় হোৱাৰ উদাহৰণো দাঙি ধৰে। লখিমপুৰৰ বিজেপিৰ বিধায়কজনৰ আঠমহীয়া কাৰ্যকালত হোৱা উন্নয়নৰ প্ৰতি সমৰ্থন জনাই নাগৰিকে বিজেপিৰ হাততে পৌৰসভাখন অৰ্পণ কৰিব বুলি উল্লেখ কৰে।
উল্লেখ্য যে, লখিমপুৰ পৌৰসভাৰ ২১ টা ৱাৰ্ডৰ ১৯ টাত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে ২ টা ৱাৰ্ড মিত্র দল অগপক দিছে। আনহাতে বিৰোধী দল কংগ্রেছে ২১ টা ৱাৰ্ড তে দলীয় প্রার্থী প্ৰক্ষেপ কৰিছে।
শাসক বিৰোধী উভয়ৰে বাবে এক সন্মানৰ বিষয়ত পৰিণত হোৱা লখিমপুৰ পৌৰ সভাৰ নিৰ্বাচনত এখন থৈয়া নথৈয়া যুঁজ যে হ’ব সেইয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply