ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনৰ আজি অন্তিম দিন। অন্তিম দিনা নগাওঁ জিলাৰ বিজেপিৰ যুৱ মৰ্চায়ে চহৰ খনৰ মাজেৰে বাহিৰ কৰে কেইবা শতাধিক যুৱক যুৱতীৰে এক বাইক ৰেলি।

নগাঁৱৰ ২৬ টা ৱাৰ্ডৰ ২৬ টা ৱাৰ্ডেই বিজেপি আৰু বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰিলে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে। উলেখ্য যে বিজেপি যুৱ মৰ্চাৰ বাইক ৰেলিত অংশ গ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মায়ে।

পৌৰ নিৰ্বাচনৰ হেতু উলিওৱা নগাৱঁৰ প্ৰচাৰ ৰেলীত বিশেষভাৱে সক্ষমলোক।বহু কষ্টৰে মন প্ৰচন্দৰ প্ৰাৰ্থীক জয়যুক্ত কৰোৱাৰ প্ৰৱল হেপাঁহ বিশেষ ভাৱে সক্ষম ব‍্যক্তিগৰাকীৰ।

নগাৱঁৰ পৌৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্ত।অসমৰ পৌৰসভাসমূহ মিত্ৰজোটেই দখল কৰাৰ কথা প্ৰকাশ মন্ত্ৰীগৰাকীৰ।

নগাৱঁৰ পৌৰসভাৰ ২৬টা মহলাৰ চাৰিটা ৱাৰ্ডত অগপক বিজেপিয়ে এৰি দিয়াৰ বাবে অগপ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত ভাগ ললে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে অগপ প্ৰাৰ্থীৰ লগতে বিজেপিৰো কেইবাজনো প্ৰাৰ্থীৰ প্ৰচাৰ সভা তথা ৰেলীত অংশগ্ৰহণ কৰি সংবাদ মাধ‍্যমৰ আগত কয় যে সমগ্ৰ অসমত বিজেপি-অগপৰ মিত্ৰজোটেই পৌৰসভাসমূহ দখল কৰিব আৰু সামগ্ৰিকভাৱে অসমৰ উন্নয়ণৰ গতি বৰ্তমানতকৈও অধিক তৰাম্বিত হৱ।

আনহাতে নগাৱঁৰ ২৬টা মহলাৰে কেৱল চাৰিটাতহে অগপ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া কথাই মন্ত্ৰীগৰাকীক ব‍্যথিত কৰিছেনেকি সোধা এক প্ৰশ্নত মিত্ৰতাত কম বেছি থাকেই আৰু মন খুলি কৰা মিত্ৰতাত মনোকষ্ট নাথাকে বুলি মতপোষণ কৰে।

অনাগত সময়ত অগপ-বিজেপিৰ মনখুলি কৰা সম্পৰ্কত কেনেবাকৈ ঘূণে ধৰেনেকি সেইয়া অসমৰ ৰাজনীতিত লক্ষণীয় হৱ।

লগতে পঢ়ক- সোণাৰি পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত বিজেপিৰ শক্তি প্ৰদৰ্শন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply