ফটো- ফেচবুক
ফটো- ফেচবুক

নিউজ ডেস্কঃ অন্ত পৰিল বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। মাজত মাত্ৰ এটা দিন। তাৰপাছতেই ২৭মাৰ্চত মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া, মাৰ্ঘেৰিটা, লাহোৱাল, দুলীয়াজান, টিংখাং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাই এই ৪৭টা সমষ্টিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টি কেইটাৰ প্ৰান্তে প্ৰান্তে ঘূৰিছিল। সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল যদিও, নিৰ্বাচনী বিধি অনুসৰি ৪৮ ঘণ্টাৰ পূৰ্বে সামৰণি পেলালে এই প্ৰচাৰ।

নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনটোতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ সমষ্টি মাজুলীত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।

ইফালে বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মাই ৭ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। শদিয়াত বলিন চেতীয়াৰ হৈ প্ৰচাৰ চলোৱাৰ পিছত মাৰ্ঘেৰিটাত দ্বিতীয় বাৰৰ বাবে প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ প্ৰচাৰত অংশ লয়।

দেৰগাৱঁত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেন ভৰালীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পিছত বোকাখাটত অতুল বৰাৰ হৈও প্ৰচাৰ সভাত অংশ লয় ।

সৰুপথাৰত বিশ্বজিত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পিছত বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী সভাত পুনৰ অংশ লয় ।

হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰবা সমষ্টিত আঙুৰ লতা ডেকাৰ হৈ অন্তিম দিনা প্ৰচাৰত অংশ লয়।

ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা  বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই কনমানি জীয়ৰীক কাষত লৈ নাচি বাগি চলাইছে অন্তিম প্ৰচাৰ।

আঙুৰলতাৰ হৈ নিৰ্বাচনী প্ৰচাৰত সংগ দিছে পীযুষ হাজৰিকাৰ লগতে অভিনেতা যতীন বৰাই।

ইপিনে বটদ্ৰৱাত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাইয়ো বিশাল ৰেলীৰ আয়োজন কৰে।সহস্ৰাধিক বাহনৰে সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাই।

লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় প্ৰকাশ দাসে এক বিশাল ৰেলী উলিয়াই প্ৰচাৰ চলায়।

টিয়কত নিৰ্বাচনী প্ৰচাৰ চলাই অতুল বৰা।

বিহপুৰীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply