নিউজ ডেস্ক: পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নণ্ডিগ্ৰামত বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। অভিযোগ কৰা মতে, একাংশ লোকে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ আহি ঠেলা হেঁচা কৰাৰ সময়ত তেওঁ মাটিত পৰি যায়।
বুধবাৰে নিশাই এছ এছ কে এম চিকিৎসালয়ত মুখ্যমন্ত্ৰী গৰাকীৰ এক্স-ৰে কৰোৱাৰ পিছত চিকিৎসকৰ জনাই মমতা বেনাৰ্জীৰ সোঁ ভৰিখন ফুলি আছে আৰু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। তেওঁ বুকুৰ বিষ অনুভৱ কৰাৰ লগতে শ্বাস-প্ৰশ্বাসত অসুবিধা সন্মুখীন হৈছে।চিকিৎসকৰ তথ্য অনুসৰি, মমতা বেনাৰ্জীয়ে বাওঁ ভৰিৰ গোৰোহাত আঘাত পাইছে। আনফালে সোঁ কান্ধৰ লগতে হাতৰ গাঠি আৰু ডিঙিতো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য প্ৰাথমিক অনুসন্ধানত লাভ কৰা হৈছে।
যাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে বিশেষ নিৰীক্ষণত ৰখা হ’ব বুলি উল্লেখ কৰিছিল এছএছকেএম চিকিৎসালয়ৰ চিকিৎসক এম বেনাৰ্জীয়ে প্ৰকাশ কৰিছে।
বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ কথা আছিল যদিও মমতা বেনাৰ্জী চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বাবে ইস্তাহাৰ মুকলি কাৰ্যসূচী পিছুৱাই দিয়া হৈছে।