নতুন বছৰতে বৃহৎ সালসলনি ঘটোৱা হ’ব হিমন্ত মন্ত্ৰীসভাত। ১৬ জনীয়া মন্ত্ৰীসভাৰ একাধিক মন্ত্ৰীৰ কাম-কাজতেই বিতুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ব্যাপক ৰদ-বদল কৰিব মন্ত্ৰীসভাত। ২০২৩ চনৰ মে’ মাহত দুটা বছৰ সম্পূৰ্ণ কৰিবলগীয়া হিমন্ত মন্ত্ৰীসভাত এতিয়াও এখন আসন খালী হৈ আছে। ইয়াৰ উপৰিও বিগত দুটাকৈ বছৰত মন্ত্ৰী হিচাপে কৰ্মদক্ষতা প্ৰমাণ কৰিব নোৱাৰা মন্ত্ৰীৰ তালিকা প্ৰস্তুত কৰি সেইসকলক মন্ত্ৰীসভাৰ পৰা বিদায় দিয়াৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া সম্পন্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ গুজৰাট মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ মন্ঠন বৈঠকত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে শীৰ্ষ নেতৃত্বৰ সৈতে ৰাজ্যৰ মন্ত্ৰীসভাৰ সালসলনি সন্দৰ্ভত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে। এই আলোচনাতে কেবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ ৰিপ’ৰ্ট কাৰ্ড জমা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
একাধিক দপ্তৰত বিভাগীয় মন্ত্ৰী আছে যদিও এতিয়াও সামগ্ৰিক কাম-কাজৰ তদাৰক কৰিবলগীয়া হৈছে খোদ মুখ্যমন্ত্ৰীয়ে নিজেই। এনে পৰিপ্ৰেক্ষিতত এইসকল মন্ত্ৰীয়ে যে অনাগত মন্ত্ৰীসভাৰ সালসলনি প্ৰক্ৰিয়াৰ পিছতে নিজৰ নামৰ পিছত মন্ত্ৰী শব্দ লগাব নোৱাৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।
শেহতীয়া খবৰ অনুসৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহনৰ বিগত দুটা বছৰৰ কৰ্ম-কাণ্ডত একেবাৰেই বিতুষ্ট মুখ্যমন্ত্ৰী। দুয়োটা দপ্তৰতেই কোনোধৰণৰ উল্লেখযোগ্য কামৰ নজিৰ নাই যোগেন মহনৰ। আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি মন্ত্ৰী হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰা যোগেন মহনৰ স্থানত স্থলাভিষিক্ত কৰা হ’ব মুখ্যমন্ত্ৰীৰ দীৰ্ঘদিনীয়া সহোযোগী তথা বিগত উপ-নিৰ্বাচনত বিজেপিৰ হৈ থাওৰা সমষ্টিৰ পৰা জয়লাভ কৰা সুশান্ত বৰগোঁহাই। সাংগঠনিক ৰাজনীতিত দক্ষ হোৱাৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিৰো বহু গুৰুত্বপূৰ্ণ কাম হিমন্ত বিশ্ব শৰ্মাৰ হৈ সম্পন্ন কৰাৰ সুবাদতেই বৰগোঁহাইক স্থান দিয়া হ’ব মন্ত্ৰীসভাত। উল্লেখনীয়ভাৱে, শেহতীয়া মহাৰাষ্ট্ৰৰ একনাথ সিন্ধেকাণ্ডত বৰগোঁহাইৰ ভুমিকাৰ কথা ৰাজনৈতিক ভু ৰখা মহলে জানে।
ইয়াৰ উপৰিও নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ পৰা জয়ী হৈ আহি মন্ত্ৰীসভাত স্থান লাভ কৰা চন্দ্ৰমোহন পাটোৱাৰীৰো মন্ত্ৰিত্ব কৰ্তন হ’ব পাৰে। ইয়াৰ পূৰ্বে বাণিজ্য, পৰিবহণ আদি একাধিক বিভাগৰ দায়িত্বত থকা জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিগত দুটা বছৰত নাই এটাও উল্লেখযোগ্য অৱদান। ইয়াৰ বাবেই পূৰ্বে হোৱা মন্ত্ৰীসভাৰ বিভাগ সালসলনিত গুৰুত্বপূৰ্ণ দুয়োটা বিভাগ কৰ্তন কৰি দায়িত্ব দিয়া হৈছিল বন, সংখ্যালঘূ উন্নয়ন আৰু এক্ট ইষ্ট পলিচীৰ। পিছে এই বিভাগকেইটাও সুচাৰুৰূপে পৰিচালনাত ব্যৰ্থ হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আনফালে একেখন জিলা নলবাৰীৰ পৰা আনএগৰাকী বিধায়ক তথা মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকো শেহতীয়াকৈ মন্ত্ৰীসভাত স্থান দিয়া হৈছে। কাৰ্যতঃ একেখন জিলাৰ পৰাই দুগৰাকীকৈ ব্যক্তিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰাক লৈ দলৰ ভিতৰচ’ৰাত এক গোমা পৰিৱেশে বিৰাজ কৰি আহিছে।
হিমন্ত মন্ত্ৰীসভাৰ পৰা তৃতীয়গৰাকী মন্ত্ৰী হিচাপে স্থান হেৰুৱাব পাৰে বৰাকৰ পৰিমল শুক্লবৈদ্যই। বৰ্তমানৰ মন্ত্ৰীসভাত আবকাৰী, মীন আৰু পৰিবহন দপ্তৰ চম্ভালি থকা পৰিমল শুক্লবৈদ্যই আবকাৰী দপ্তৰৰ বাহিৰে আন এটা বিভাগতো দক্ষতা দেখুৱাবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাতো একেই দপ্তৰ চম্ভালি থকা শুক্লবৈদ্যই অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহেৰে তেতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছিল যদিও সেই সুনাম অনুযায়ী কৰ্মদক্ষতা বাহাল ৰখাত পৰৱৰ্তী দুয়োটা বৰ্ষতে ব্যৰ্থ হৈছিল। ইফালে সাধাৰণ জনতাৰ সৈতেও এক দূৰত্ব বৰ্তাই ৰখা মন্ত্ৰী শুক্লবৈদ্যৰ স্থানত বৰাকৰেই এখন নতুন মুখক স্থান দিয়া হ’ব হিমন্ত মন্ত্ৰীসভাত।
আনহাতে চাহ জনজাতি সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণৰ ধাৰাবাহিক ব্যৰ্থতা, ৰাজনৈতিক অদক্ষতাই বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুৰৰ কামোৰণি হৈ আহিছে। ইফালে কংগ্ৰেছত থকা দিনৰে পৰা দাদা ব্ৰিগেদৰ মানুহ বুলি চৰ্চিত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিজেপিলৈ আহিলে মন্ত্ৰিত্ব দিয়াৰ সম্ভাৱনা থাকিব বুলি এক প্ৰতিশ্ৰুতিৰ গুজব পূৰ্বৰে পৰাৰই প্ৰচলিত। এনে পৰিপ্ৰেক্ষিত একেটা জনগোষ্ঠীৰ সঞ্জয় কিষাণৰ স্থানত স্থলাভিষিক্ত হ’ব পাৰে ৰূপজ্যোতি কুৰ্মী।
কেৱল মন্ত্ৰীত্বৰ সালসলনিয়েই নহয়, একাধিক মন্ত্ৰীৰ দপ্তৰো নতুন বছৰতে সালসলনি হোৱাৰ খবৰ। নতুন মন্ত্ৰীসভাৰে কিদৰে উজ্জীৱিত প্ৰদৰ্শন ২০২৬ লৈ বৰ্তাই ৰখাত সফল হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেয়া সময়ত হ’ব লক্ষণীয় বিষয়।
লগতে পঢ়ক – আৰ্জেণ্টিনা ৩-০ ক্ৰোৱেচিয়া : বিশ্বকাপৰ ছেমি ফাইনেল Tactical Analysis