মাজুলীঃ আগন্তুক উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও প্ৰাৰ্থীত্ব প্ৰত্যাশীকলৈ চলি থকা আলোচনাৰ মাজতে দলীয় কৰ্মকৰ্তাৰ মত গ্ৰহণ কৰিবলৈ মাজুলীত উপস্থিত হয় মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু ঢকুৱাখানাৰ বিধায়ক নৱ দলে।
মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী নিশ্চিত কৰাত বিজেপি দলে বৰ্তমানো কোনো সিদ্ধান্তত উপনীত নোহোৱাৰ বিপৰীতে ১২তাৰিখে প্ৰাৰ্থীৰ নাম ঘোষণাৰ ক্ষেত্ৰত বিজেপি দলৰ কৰ্মকৰ্তা লগতে অগপ আৰু গণশক্তি দলৰ কৰ্মকৰ্তাৰ মতৰ ওপৰত ভিত্তি কৰিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাবনা আছে যদিও মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
তেওঁ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হেমচন্দ্ৰ দলে, ভূৱন গাম, বিতোপন দলে ,নৃপেন কামনা, ৰাজ শেখৰ দলে, লোকনাথ কুটুম লগতে সাংসদ প্ৰদান বৰুৱা নাম উল্লেখ কৰে।