আজি মাজুলী বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। যোৱা সময়চোৱাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলোৱে এজনে আনজন প্ৰাৰ্থীক সমালোচনা কৰিয়েই সময় কটালে। আজি হ’ব লগা ভোট গ্ৰহনত মাজুলীবাসী ৰাইজে মোহৰ মাৰিব আগন্তুক প্ৰতিনিধি জন নিৰ্বাচনৰ ক্ষেত্ৰত। বিজেপিৰ ভূৱন গাম বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু SUCI প্ৰাৰ্থী ভাইটী ৰিচং প্ৰাৰ্থী হিচাবে আছে। পুৱা ৭ বজাৰ পৰা নিৰ্বাচনৰ ভোটগ্ৰহন আৰম্ভ হৈছে।

৯৯-মাজুলী (অ জ)সমষ্টিৰ বাবে আজি অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৬৭,৮১৯ গৰাকী পুৰুষ, আৰু ৬৫,৪০৮ গৰাকী মহিলা। ইয়াৰ উপৰি ৪০০ গৰাকী ছাৰ্ভিছ ভোটাৰ আছে। আনহাতে এই উপ নিৰ্বাচনত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী ভোটাৰ, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বৰ্ষৰ ১৮নবেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৫ জানুৱাৰীলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিটোত মুঠ২,২৪৭গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিবিষ্ট কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটদান সুকলমে কৰাৰ বাবে সকলো ব্যবস্থা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply