মাজুলী উপ নিৰ্বাচনক শাসক বিৰোধীৰ এটাৰ আনটোৰ ওপৰত আক্ৰমন তুংগত উঠিছে। যোৱা নিৰ্বাচনত সৰ্বানন্দ সোনোৱালে কংগ্ৰেছৰ ৰাজীব লোচন পেগুক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল।
বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে মনোনয়ন দাখিলৰ সময়ত দিয়া শপত নামা মতে ৬ কোটি ৬৭ লাখৰ সা-সম্পত্তিৰ গৰাকী। গামৰ অস্থাবৰ সম্পত্তিৰ মূল্য ২,৭৩,৮৭০০০ টকা পত্নীৰ ৭৩ লাখ টকা। আনহাতে স্থাবৰ সম্পত্তিৰ মূল্য ৩,৯৩,৪০০০০ টকা আৰু পত্নীৰ আছে ১ কোটি ২৩ লাখ।
ভুৱন গামৰ হাতে জমা ২,৫৭,৫৩৩ টকা আৰু পত্নীৰ ১৩,১৯৫ টকা। বিভিন্ন বেংকত ভুৱন গামৰ জমা আছে ২ লাখ ৮৬ হাজাৰ। পত্নীৰ আছে ৩ লাখ ৬ হাজাৰ।
দিছপুৰৰ জাপৰিগোগত গাম দম্পত্তিৰ আছে আৱাসিক গৃহ। মাজুলীৰ গড়মূৰত আৱাসিক গৃহ, দিছপুৰ গোগামুখত ব্যবসায়িক গৃহ, পত্নীৰ নামত দিছপুৰত ব্যবসায়িক গৃহ আছে।
ইয়াৰ উপৰিও বহু কোটি টকা বিনিয়োগ কৰিছে গাম দম্পত্তিয়ে। গাম ডেলিকেচিত গামৰ বিনিয়োগ ২ কোটি ৭৩ লাখ টকা আৰু পত্নীৰ বিনিয়োগ ৭৪ লাখ টকা। গামৰ ১৪ লাখ টকীয়া ভাৰ্না গাড়ী থকাৰ বিপৰীতে পত্নীৰ নামত এখন ১৩ লাখ টকীয়া আৰু ৫ লাখ টকীয়া গাড়ী আছে।উচ্চতৰ মাধ্যমিকলৈ উত্তীৰ্ণ ভুৱন গামৰ বিৰুদ্ধে নাই কোনো গোচৰ।
ইয়াৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ ৫লাখ ৩১ হাজাৰ স্থাবৰ অস্থাবৰ সম্পত্তি আছে। হাতে জমা আছে ৫০ হাজাৰ টকা আৰু ৪টা একাউন্টত আছে ৪৫ হাজাৰ টকা। চিত্তৰঞ্জন বসুমতাৰীয়ে কোনো প্ৰতিষ্ঠানতে বিনিয়োগ কৰা নাই। গাড়ীও নাই চিত্তৰঞ্জনৰ, আছে মাথো ৩০ হাজাৰ টকীয়া সোণৰ আঙুঠি। গোগামুখত আছে এবিঘা কৃষিভূমি।
লগতে পঢ়ক – মই পৃথিৱীৰ আটাইতকৈ ভাল সন্ত্ৰাসবাদী, মই হাস্পতাল-বিদ্যালয় নিৰ্মাণ কৰোঃ অৰবিন্দ কেজৰিৱাল