মাৰ্ঘেৰিটা: ৬ মাৰ্চত ভোটগ্ৰহণ হ’বলগীয়া পৌৰসভা নিৰ্বাচনৰ নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা তুংগত উঠিছে। আজি মাৰ্ঘেৰিটাত অজাপৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ আহি চোৰাং কয়লা বেহাকলৈ সৰৱ হৈ উঠে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ।
মাৰ্ঘেৰিটা পৌৰসভা নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ আহি মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত এখন নিৰ্বাচনী সভাত সভাপতি লুৰিজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে।
মাত্ৰ ১০০জন মান দলীয় কৰ্মী-সমৰ্থক তথা ৪ গৰাকী প্ৰাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত তেওঁ মাৰ্ঘেৰিটা পৌৰসভা কংগ্ৰেছ-অজাপ মিত্ৰজোঁটে গঠন কৰাটো নিশ্চিত বুলি কয়।
আনহাতে আগন্তুক মাজুলী বিধানসভা উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ বিজয় নিশ্চিত গগৈয়ে বুলি দাবী কৰে।
তদুপৰি বিগত বিধানসভা নিৰ্বাচনৰ সময়ৰ দৰে পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো লুৰিনজ্যোতি গগৈয়ে চোৰাং কয়লা বেহাকলৈ সৰৱ হৈ উঠে। তেওঁ বিজেপি চৰকাৰৰ শাসনকালত অবাধ চিণ্ডিকেট তথা কয়লাৰ চোৰাং বেহা চলি থকাৰ অভিযোগ কৰে। তেওঁ কয়লাৰ ধন ৰাজ্যৰ নিৰ্বাচনত খৰচ কৰাৰো অভিযোগ কৰে।
লগতে পঢ়ক –