মাজুলীৰ উপ-নির্বাচনৰ বাবে ১৬ ফেব্রুৱাৰীত বিজেপিৰ প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰিব৷ প্রার্থীৰ নাম ঘোষণা হোৱাৰ পূর্বে বিজেপিয়ে মনোনয়ন দাখিলৰ দিন নির্ধাৰণ কৰাৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদৰী কৰিছে৷ দুই-এদিনৰ ভিতৰত দলৰ ৰাষ্ট্রীয় নেতৃত্বই প্রার্থীৰ নাম ঘোষণা কৰিব৷ দলৰ ফালৰ পৰা তিনিটাকৈ নাম কেন্দ্ৰলৈ পঠিয়াইছে।
মাজুলীৰ প্রার্থী সন্দর্ভত ইতিপূর্বে দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রাক্তন মুখ্যমন্ত্রী তথা মাজুলীৰ প্রাক্তন বিধায়ক সর্বানন্দ সোণোৱালৰ মাজত হোৱা আলোচনাত ভুৱন গাম, প্রদান বৰুৱাক লৈ আলোচনা হৈছিল৷ কাৰণ ভুৱন গাম সর্বানন্দ সোণোৱালৰ পচন্দৰ ব্যক্তি হোৱাৰ বিপৰীতে সাংসদ প্রদান বৰুৱা মুখ্যমন্ত্রীৰ পচন্দৰ ব্যক্তি৷ অৱশ্যে তাৰ মাজতেই তৃতীয় ব্যক্তি হিচাপে হেমচন্দ্র দলেৰ নামো তালিকাত সোমাইছে।
মুখ্যমন্ত্রী আৰু প্রাক্তন মুখ্যমন্ত্রীৰ মাজত প্রার্থীক লৈ আলোচনা হৈছিল যদিও চূড়ান্ত সিদ্ধান্ত হোৱা নাছিল৷ সেয়ে গুৱাহাটীত দলৰ নির্বাচন কমিটীৰ বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত প্রার্থীৰ তালিকা প্রস্তুত কৰি দিল্লীলৈ প্রেৰণ কৰা হয়৷ দলীয় সুত্ৰৰ পৰা জানিব পৰা মতে দিল্লীলৈ পঠোৱা তালিকাত ভুৱন গাম, প্রদান বৰুৱা আৰু হেমচন্দ্র দলেৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷

এতিয়া এই তালিকাৰ পৰা ৰাষ্ট্রীয় নেতৃত্বই দুই এদিনৰ ভিতৰত মাজুলীৰ প্রার্থী ঘোষণা কৰিব৷ মুখ্যমন্ত্ৰীৰ মতে ১৬ তাৰিখৰ দিনটো ভাল সেই দিনটোতে মনোনয়ন দাখিল কৰিব বিচাৰিছে তেওলোকে। ১৬ তাৰিখৰ দিনটোত মিছিংসকলৰ আলি আই লিগাং উৎসব আছে। মাজুলী সমষ্টিত যথেষ্ট সংখ্যক মিছিং জনগোষ্ঠীৰ ভোটাৰ আছে। তাক লক্ষ্য ৰাখিয়েই বিজেপিয়ে মনোনয়নৰ দিন নিদ্ধাৰণ কৰিছে।

লগতে পঢ়ক- নিউয়ৰ্ক ফেশ্বন উইকত অসমৰ পাট কাপোৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply