আৰম্ভ হ’ল মাজুলী উপ-নিৰ্বাচনৰ ভোট গণনা । নিৰ্বাচনত বিজেপিয়ে এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ভূৱন গামক। সেইদৰে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সন্মীলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীক।

বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।


৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সমান্তৰালকৈ মাজুলী উপ-নিৰ্বাচনৰ ফলাফল সবিশেষ জানিব পাৰিব।শেহতীয়া নিৰ্বাচনৰ খবৰ জানিবলৈ ইষ্টম’জ’ অসমৰ ৱেবচাইট চাব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply