আজি মাজুলি বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব বিজেপি প্ৰাৰ্থী ভূবন গামে।
মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।
সৰ্বানন্দ সোনোৱালে পদত্যাগ কৰাৰ বাবে আসন খন খালী হৈছিল।
বিজেপিৰ প্ৰাৰ্থী ৰূপে ভূবন গাম মুখ্যমন্ত্ৰীৰ পচণ্ড প্ৰাৰ্থী নাছিল যদিও সৰ্বানন্দ সোনোৱালৰ সমৰ্থিত প্ৰাৰ্থী গৰাকীকে সমৰ্থন জনোৱা বিষয়টো মনকৰিব লগীয়া।
প্ৰাৰ্থী গৰাকী কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আজিলৈকে এটাও পষ্ট ছ’চিয়েল মিডিয়া যোগে নিদিয়া বিষয়টোও তাৎপয্যপূৰ্ণ।
ভূবন গামৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰা সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ৰনোজ পেগু, বিধায়ক ভুবন পেগু আজি মনোনয়নৰ সময়ত উপস্থিত থকাৰ কথা।
ইয়াৰ বিপৰীতে সৰ্বানন্দ সোনোৱালে ভুবন গামক ছ’চিয়েল মিডিয়া যোগে ফটো সহ সমৰ্থন জনাইছে।
সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিজেপিলৈ আহি অতি বিশ্বাসযোগ্য হৈ পৰিছিল। এসময়ত ভৰত নৰহৰ অনুগতক ভুবন গামে এইবাৰ আৰু এখোপ আগুৱাই শাসকীয় দলৰ বিধায়ক হোৱাৰ দিশে আগবাঢ়িছে বুলি ৰাজনৈতিক বিশ্লেষক সকলে মন্তব্য কৰিছে।
লগতে পঢ়ক- আজি মিচিংসকলৰ আলি-আয়ে-লৃগাং উৎসৱ