ভূবন গাম

মাজুলীঃ অৱশেষত সম্পূৰ্ণ হ’ল মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা। ৪২,১৪১ টা ভোটৰ ব্যৱধানত বিজেপিৰ দলৰ প্ৰাৰ্থীৰ ভূবন গামৰ বৃহৎ জয়লাভ । চতুৰ্দশ ৰাউণ্ডৰ অন্তত ভূবন গামে লাভ কৰিলে ৬৭২৪২টা ভোট। 

ইয়াৰ বিপৰীতে বিৰোধী সমৰ্থিত অজাপ প্ৰাৰ্থী চিত্ৰৰঞ্জনে বসুমতাৰীয়ে লাভ কৰিলে ২৫১০১ টা ভোট। SUCI ভাইটি ৰিচঙে লাভ কৰিলে ২২৬৫ টা ভোট। NOTA ভোট পৰিল ১৬৪২টা।

৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা মাজুলীৰ উপ নিৰ্বাচনত ১,২৭,২৩৩ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। আজি ১৪ খন টেবুলত ১৪ টা ৰাউণ্ডত চলিছিল ভোট গণনা।

এইবাৰ মাজুলীৰ উপ নিৰ্বাচনত বিজেপিৰ হ্ৰাস পালে ৫৩৪২ টা ভোট । যোৱাবাৰৰ তুলনাত কমিল ১৬৪২ টা ভোট। ২০২১ৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে লাভ কৰিছিল ৭১, ৪৩৬ টা ভোট। এইবাৰ উপ নিৰ্বাচনত ভূবন গামে লাভ কৰিলে ৬৬,০৯৪ টা ভোট। ২০২১ৰ নিৰ্বাচনত ভোটৰ ব্যৱধান আছিল ৪৩,১৭২ টা। এইবাৰ উপ নিৰ্বাচনত ব্যৱধান হ্ৰাস পালে ৪১ ,৫৩০ টা ভোটলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply