মানকাচৰ– তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’বলগীয়া দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মুঠ ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। জিলা খনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টি দুটাত
মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মানকাচৰ সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে দক্ষিণ শালমাৰা সমষ্টিত ৯ গৰাকী প্ৰাৰ্থীয়ে এই মনোনয়ন পত্ৰ দাখিল কৰে।
আৰু পঢ়কঃ আজি উজনিত প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনসভা
মানকাচৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী কেইজন ক্ৰমে এআইইউডিএফ দলৰ আমিনুল ইছলাম, অগপৰ জাবেদ ইছলাম, এন পি পি দলৰ আমিনুল ইছলাম (দুলাল), এছ ইউ চি আই (চি) দলৰ ছাহিদুৰ আলম, জনতা দল ইউনাইট দলৰ ছায়েদ হুচেইন ইমান, নিৰ্দলীয় মনোৱাৰ হুচেইন, নিৰ্দলীয় মোস্তাক মহাম্মদ মকছেদুল হুচেইন, নিৰ্দলীয় আখালুনা বেগম, নিৰ্দলীয় মেৰিনা খান, নিৰ্দলীয় জামেৰ আলী আৰু নিৰ্দলীয় ৰুকুনুৰ জামান ।
আনহাতে দক্ষিণ শালমাৰা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী কেইজন ক্ৰমে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী, বিজেপিৰ আছাদুল ইছলাম, এছ ইউ চি আই (চি) দলৰ আব্দুছ ছবুৰ মিয়া, এন চি পি দলৰ জেন্নাত মোল্লা, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নুৰাল ইছলাম, জনতা দল ইউনাইটেডৰ তালেব আলী, ৰাইজৰ দলৰ নজৰুল ইছলাম, নিৰ্দলীয় নুৰুল ইছলাম মোল্লা আৰু নিৰ্দলীয় ফজলুল হক চৌধুৰী।
আৰু পঢ়কঃ গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে