নিউজ ডেস্ক: শনিবাৰে (৫ মাৰ্চ) মণিপুৰত দ্বিতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হ’ব। ২২ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ভোটদানত ৰাজ্যখনৰ ৬খন নিৰ্বাচনী জিলাৰ ৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

ইতিমধ্যে যোৱা বৃহস্পতিবাৰৰ পৰা নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ জোৱানসকল তেওঁলোকৰ গন্তব্য ভোটদান কেন্দ্ৰসমূহত গৈ উপস্থিত হৈছে।

নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া ৯২ গৰাকী প্ৰাৰ্থীৰ বিজেপিৰ২২ গৰাকী, কংগ্ৰেছৰ ১৮ গৰাকী, এন পি পি ১১ গৰাকী, জে ডি (ইউ) আৰু এন পি এফৰ ১০ গৰাকী, আৰ পি আই-এ ৩ গৰাকী, শিৱ সেনা আৰু এন চি পিৰ ২ গৰাকী, আৰ জে এছ পি আৰু চি পি আইৰ এগৰাকী আৰু ১২ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী।

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত ৮,৪৭,৪০০ গৰাকী ভোটাৰে তেওঁলোকৰ পচন্দৰ পাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ৮,৪৭,৪০০ গৰাকী ভোটাৰৰ ৪,১৮,৪০১ গৰাকী পুৰুষ, ৪,২৮,৯৬৮ গৰাকী মহিলা আৰু ৩১ গৰাকী ট্ৰান্সজেণ্ডাৰ ভোটাৰ।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply