নিউজ ডেস্ক: দুটা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি কৰা হৈছে, বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে।

পূৰ্বৰ সূচী অনুসৰি অহা ২৭ ফেব্ৰুৱাৰীত প্ৰথম পৰ্য্যায়ৰ আৰু ৩ মাৰ্চত দ্বিতীয় পৰ্য্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও উক্ত দিন কেইটাৰ সলনি এতিয়া ২৮ ফেব্ৰুৱাৰীত প্ৰথম পৰ্য্যায়ৰ আৰু ৫ মাৰ্চত দ্বিতীয় পৰ্য্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব।

জানিব পৰা মতে অহা ২৭ ফেব্ৰুৱাৰীত দেওবাৰ পৰাৰ বাবে বিভিন্ন জনজাতীয় গোট আৰু ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক অন্য এটা দিনত ভোটদান অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল যাতে খ্ৰীষ্টিয়ান লোকসকলৰ গীৰ্জাৰ প্ৰাৰ্থনাত অসুবিধা নপৰে।

উল্লেখযোগ্য যে মণিপুৰৰ ৪১ শতাংশ জনসংখ্যা অৰ্থাৎ প্ৰায় ৩০ লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী।

যোৱা সোমবাৰ আৰু মঙলবাৰে নিৰ্বাচন আয়োগৰ এটা দলে মণিপুৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ লয় বুলি এখন প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে। অহা ১০ মাৰ্চত ভোটগণনা অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – শিৱসাগৰৰ ঐতিহাসিক ৰংচাই (লংচাই) বিলত চলিছে অবৈধ বেদখল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply