মণিপুৰ বিধানসভা নিৰ্বাচনৰ  প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি আৰম্ভ হৈছে। ৰাজ্যখনৰ মুঠ ৬০ খন বিধানসভা আসনৰ ভিতৰত, প্ৰথম পৰ্যায়ত ৩৮ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে।

পুৱাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত যথেষ্ট সংখ্যক ভোটাৰে অংশ লৈছে।
আজি ভোটদান আৰম্ভ হোৱা ৩৮ খন আসনৰ ভিতৰত ২৯ খন আসন পশ্চিম ইম্ফল,পূব ইম্ফল আৰু বিষাণপুৰ জিলাক সামৰি লৈছে।

আৰু বাকী ৯ খন আসন কাংপোকপি আৰু চুৰাচান্দপুৰৰ পাহাৰীয়া জিলাসমূহক সামৰি লৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত, ১৭৩ জন প্ৰাৰ্থীৰ ভাগ্য আজি ইভিএমত বন্দী হ’ব। এই সকলৰ ভিতৰত ১৫ গৰাকী মহিলা প্ৰাৰ্থীও আছে।

লগতে পঢ়ক- চুৰি লেপটপসহ দুটা চোৰক গ্ৰেপ্তাৰ কৰিলে যোৰাবাট আৰক্ষীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply