মণিপুৰ বিধানসভাত শাসকৰ স্থানত কোন বঢ়িব , বিৰোধীত কোন সেই ছবি এতিয়াও এতিয়াও স্পষ্ট নহয়
১০ মাৰ্চত ঘোষণা হ’ব ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মনিপুৰ বিধানসভাৰ ৬০খন আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ এক্সিট প’ল প্ৰকাশ হৈছে৷ এক্সিট প’লে বিজেপিয়ে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে৷ দেশৰ বহুকেইটা আগশাৰীৰ সমীক্ষাই এই তথ্য প্ৰকাশ কৰিছে ।

দুটা স্তৰত মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল। ৰাজ্যখনৰ ৬ খন জিলাৰ ১,২৪৭ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই পৰ্যায়টোত মুঠ ৮.৩৮ লাখ ভোটাৰে গ্ৰহণ কৰিছিল ভোটগ্ৰহণ৷

আজিও ৬টা ভোটগ্ৰহন কেন্দ্ৰত ভোটদান চলি আছে। উখ্ৰুল আৰু সেনাপতি জিলাৰ এই ভোটগ্ৰহন কেন্দ্ৰ কেইটাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সময়ত বিসংগতি ধৰা পৰিছিল।

এক্সিট প’লৰ সমীক্ষাত বিজেপিয়ে ৩২ ৰ পৰা ২৩ খন আসন, কংগ্ৰেছে ১২ৰ পৰা ১৭ খন আসন, NPPয়ে ২ ৰ পৰা ৪ খন আসন, অন্যান্যই ২ৰ পৰা ৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ হৈছে৷

P-MARQৰ এক্সিট প’ল

বিজেপিয়ে লাভ কৰিব ২৭ৰ পৰা ৩১ খন আসন।
কংগ্ৰেছে পাব ১১ৰ পৰা ১৭ খন আসন।
NPPয়ে পাব ৬ৰ পৰা ১০ খন আসন।
অন্যান্যই লাভ কৰিব ৫ৰ পৰা ১৩খন আসন।

JAN KI BAATৰ এক্সিট প’ল

বিজেপিয়ে পাব ২৩ ৰ পৰা ২৮ খন আসন।
কংগ্ৰেছে পাব ১০ৰ পৰা ১৪খন আসন।
NPPয়ে লাভ কৰিব ৭ৰ পৰা ৮ খন আসন।
অন্যান্যই পাব ১২ৰ পৰা ১৮খন আসন।

CNXৰ এক্সিট প’ল

বিজেপিয়ে লাভ কৰিব ২৬ৰ পৰা ৩১ খন আসন।
কংগ্ৰেছে পাব ১২ৰ পৰা ১৭খন আসন।
NPPয়ে লাভ কৰিব ৬ৰ পৰা ১০ খন আসন।
অন্যান্যই পাব ৭ৰ পৰা ১২খন আসন।


উল্লেখ্য যে এক্সিট প’ল মতে বিজেপিয়েই মণিপুৰ দখল কৰাৰ ইংগিত দাঙি ধৰিছে৷ মণিপুৰত আকৌ বিজেপিৰ চৰকাৰ হ’ব সেই কথা ১০ মাৰ্চত ফলাফল ঘোষণাৰ পিছতহে স্পষ্ট হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply