মণিপুৰ বিধানসভাৰ অহা ২৮ ফেব্ৰুৱাৰীত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৭৩ প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা আগবঢ়াইছে। শণিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৮ খন আসনৰ বাবে ভোটগ্ৰহন অনুষ্ঠিত হ’ব।দাখিল কৰা মনোনয়ন পত্ৰৰ ভিতৰত এজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে। দুজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যিসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব তাৰ ভিতৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙো আছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশ লোৱা প্ৰাৰ্থীসকলৰ ভিতৰত ১৫ গৰাকী মহিলা প্ৰাৰ্থীও আছে।

মণিপুৰত এইবাৰৰ নিৰ্বাচনত মুঠ ১২,০২,৫৪৬ গৰাকী ভোটাৰে ভোটাধাকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৬,২৪,৪৪৭ জন আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৫,৭৮,০৯৯ জন।

অহা ২৮ ফেব্ৰুৱাৰীত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগ সম্পূৰ্ণ ৰূপে সাজু হৈছে। দ্বিতীয় পৰ্যায়ত ২২ আসনৰ বাবে অহা ৫ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৮,৩২,৪১৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ১০ মাৰ্চত ফলাফল ঘোষণা হ’ব।

লগতে পঢ়ক- অৱশেষত নগা উগ্ৰপন্থী সংগঠনে ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে হীৰেন কোঁচক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply