নিউজ ডেস্কঃ মণিপুৰত একক সংখ্যা গৰিষ্ঠতাৰে পুনৰ চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে এন বিৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ।

আজি ভোট গণনা চলি থকা মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া অগ্ৰগতি অনুসৰি মণিপুৰত বিজেপিয়ে ২৯ খন আসনত আগবাঢ়ি শীৰ্ষ স্থানত আছে।

আনহাতে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠ আসন লাভ কৰা কংগ্ৰেছে এই পৰ্য্যন্ত মাত্ৰ ৯ আসনত আগবাঢ়ি আছে। কংগ্ৰেছৰ উপৰি এন পি পিয়ে ৯খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু এন পি এফে ৫ খন, জে ডি ইউ ৪ খন, আৰু অন্যান্য ৭খন আসনত আগবাঢ়ি আছে আসনত।

উল্লেখযোগ্য যে যোৱা নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসনৰ মণিপুৰ বিধানসভাত ২১ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৮ খন আসনেৰে শীৰ্ষত আছিল। সেই হিচাপে বিজেপি দলৰ এইবাৰ ফলাফল যথেষ্ট ভাল, আনহাতে যোৱা বাৰৰ তুলনাত কংগ্ৰেছৰ ১৯ খন আসন তললৈ নমাৰ সম্ভাৱনা আছে।

শেহতীয়া খবৰ অনুসৰি মুখ্য মন্ত্ৰী এন বিৰেন সিংঙে হেইংগাং (Heingang) সমষ্টিৰ পৰা বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

লগতে পঢ়ক – পঞ্জাৱত চৰকাৰ গঠনৰ দিশে AAP! কাৰণ কি, পঢ়ক সবিশেষ…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply