নিউজ ডেস্ক: সোমবাৰে নিশা মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মণিপুৰত উপস্থিত হোৱাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি ৰাজ্যখনৰ গভৰ্নিং কাউন্সিলৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰী অমিত শ্বাহে মেইতেই আৰু কুকি জনগোষ্ঠীৰ নেতাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনায় যে, “জনগোষ্ঠীসমূহক নিৰাপত্তাৰ আশ্বাস দিয়া হ’ব আৰু অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিবলৈ কোৱা হ’ব। যাতে আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধানৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিব পৰা যায়।’

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে। অহা ১ জুনলৈ তেওঁ মণিপুৰত থাকিব গৃহমন্ত্ৰীগৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply