মানকাচৰ – অসম বিধানসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁট বন্ধনৰ সিদ্ধান্ত প্ৰায় চুড়ান্ত বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। সুত্ৰে জনোৱা তথ্য অনুসৰি মহাজোঁট বন্ধনত থকা এআইইউডিএফে মুঠ ২৪ খন আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী উত্থাপন কৰাৰ উপৰিও ৩ খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী জনাইছে। ইফালে কংগ্ৰেছৰ ফালৰ পৰা এআইইউডিএফক মাত্ৰ ১৯ খন আসনতেই ক্ষান্ত থাকিবলৈ জনোৱাত মহাজোঁট বন্ধনত এক প্ৰকাৰে বিদ্ৰোহ আৰম্ভ হৈছিল যদিও ১৯ খন আসনতেই এআইইউডিএফ ক্ষান্ত থকা বুলি বিশেষ সুত্ৰ জানিব পৰা গৈছে।

ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ১৯ খন আসনৰ ভিতৰত কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টি এআইইউডিএফক এৰি দিয়া বুলি জানিব পৰা গৈছে। মানকাচৰ সমষ্টিৰ পৰা এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা অধিবক্তা আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱা ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত আমিনুল ইছলাম কংগ্ৰেছী বিধায়ক গৰাকীৰ হাতত প্ৰায় ৫ হেজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। সুত্ৰৰ তথ্য যদি সঁচা হয় তেন্তে এইবাৰ কংগ্ৰেছৰ আসনখন এআইইউডিএফক প্ৰদান কৰিলে মানকাচৰৰ ৰাজনৈতিক প্ৰেক্ষাপট এক প্ৰকাৰে সলনি হৈ পৰিব।

এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক গৰাকী কংগ্ৰেছ দল ত্যাগ কৰিব নে এআইইউডিএফক সহযোগিতা কৰিব সেয়া পৰবৰ্তী সময়ত দেখিবলৈ পোৱা যাব যদিও বিশেষ সুত্ৰে জানিব পৰা মতে মানকাচৰ এআইইউডিএফক এৰি দিয়াৰ লগে লগে বিধায়ক গৰাকী গুৱাহাটীৰ পৰা সমষ্টিলৈ উভতি আহি এক ৰাজহুৱা সভাৰ আয়োজন কৰি ৰাইজৰ মতামত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে। অৱশ্যে ৰাইজে মতামত নিদিলে বিধায়ক গৰাকী এআইইউডিএফকে সমৰ্থন দিব পাৰে বুলিও জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হৈছে মানকাচৰত কংগ্ৰেছক শক্তিশালী ৰূপত থিয় কৰোৱা বিধায়ক গৰাকী টিকটৰ পৰা বঞ্চিত হ’লে কংগ্ৰেছ দলত তেওঁ থাকিব নে দল ত্যাগ কৰিব সেয়া অতিকৈ লক্ষ্যণীয় বিষয় হ’ব যদিও এটা কথা সত্য যে কংগ্ৰেছক টিকট নিদিলে মানকাচৰ সমষ্টিত ভৱিষতে কংগ্ৰেছৰ অস্তিত্ব নাইকীয়া হৈ পৰিব। এই ক্ষেত্ৰত বিধায়ক ডাঃ মতিউৰ ৰহমানৰ ৰাজনৈতিক জীৱন এইবাৰৰ নিৰ্বাচনতেই সামৰনি পৰিব নেকি তাক লৈও সৰৱ চৰ্চা আৰম্ভ হৈছে।

ইফালে বিধায়ক গৰাকী এআইইউডিএফক সমৰ্থন কৰিলে সমষ্টিটোৰ পৰা এআইইউডিএফ জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিব। আনহাতে বিধায়ক গৰাকী যদি এআইইউডিএফৰ লগত বিদ্ৰোহ আৰম্ভ কৰি অগপক সমৰ্থন দিয়ে অথবা নিজে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে সমষ্টিটোৰ পৰা অগপৰ প্ৰাৰ্থীজন সহজে জয়ী হ’বলৈ পথ প্ৰসস্ত হ’ব পাৰে বুলিও ৰাজনৈতিক মহলে আলোচনা আৰম্ভ কৰিছে। মুঠৰ ওপৰত কংগ্ৰেছৰ টিকট বঞ্চিত হোৱাৰ লগে লগে বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ ৰাজনৈতিক ভৱিষ্যত প্ৰায় অন্ধকাৰৰ দিশে আগুৱাই যোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি একাংশ জনে মত ব্যক্ত কৰা দেখা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply