দক্ষিণ শালমাৰা : ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সোমবাৰে পুৱাৰ পৰা দক্ষিণ শালমাৰা সমষ্টিৰ ২৬ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু মানকাচৰ সমষ্টিৰ ৩১৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ মুঠ ৩৩৯ টা প্ৰলিং বিষয়াৰ দলৰ মাজত ইভিএম, ভিভি পেডকে ধৰি ভোট গ্ৰহণৰ সকলো সামগ্ৰী বিতৰণ কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিত শান্তিপুৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰিছে।

ইতিমধ্যে দক্ষিণ শালমাৰা সমষ্টিৰ দূৰ্গম এলেকাৰ বাবে ভোট গ্ৰহণৰ দূদিন পূৰ্বে অৰ্থাত দেওবাৰে সমষ্টিটোৰ মুঠ ২৫১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পলিং বিষয়াৰ দল প্ৰেৰণ কৰা হৈছে। দূৰ্গম এলেকা হোৱাৰ বাবে ভোটৰ দূদিন পূৰ্বেই পলিং বিষয়াৰ দল প্ৰেৰণ কৰাৰ পিছত সোমবাৰে সমষ্টিটোৰ আন ২৬ টা ভোট গ্ৰহণ কেন্দ্ৰসহ সমষ্টিটোৰ মুঠ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত পলিং বিষয়াৰ দল ইতিমধ্যে জিলা প্ৰশাসনে প্ৰেৰণ কৰিছে।

একেদৰে মানকাচৰ সমষ্টিত এইবাৰ নিৰ্বাচনত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ৩১৬ টা। ইয়াৰে তিনিটা মহিলা ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰে আন ৩১৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা জিলা প্ৰেক্ষাগৃহত ভোট গ্ৰহণৰ সামগ্ৰী বিতৰণ কৰা হয়। প্ৰিছাইডিং আৰু পলিং বিষয়া সকলে নিজৰ নিজৰ ভোট গ্ৰহণৰ বাবে হাটশিঙিমাৰী প্ৰেক্ষাগৃহত অস্থায়ীভাৱে নিৰ্মাণ কৰা ২২ টা কাউণ্টাৰৰ পৰা ইভিএম, ভিভিপেডকে ধৰি ভোট গ্ৰহণৰ সকলো সামগ্ৰী সংগ্ৰহ কৰি নিজৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সমষ্টি দুখনত ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে জিলা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মুঠ ১৭ টা অৰ্ধ-সামৰিক বাহিনী অৰুনাচল প্ৰদেশ, বিহাৰৰ পৰা অনাৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা আৰক্ষীৰ জোৱান অনা হৈছে বুলি জিলা আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত দুজনকৈ আৰক্ষী-গৃহৰক্ষী আৰু এজনকৈ সেনা জোৱান নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply