মানকাচৰ : বুধবাৰৰ পৰা হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মানকাচৰ সমষ্টিৰ ৪৩৩ টা গ্ৰুপ পলিং পাৰ্চনেলৰ অন্তিম প্ৰশিক্ষণ। অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে মানকাচৰ সমষ্টিৰ ৪৩৩ টা পলিং পাৰ্চনেল গ্রুপৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মানকাচৰ সমষ্টিৰ মুঠ ৪৩৩ টা পলিং পাৰ্চনেল গ্রুপৰ ১৫৬৫ গৰাকী প্রিছাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক হাটশিঙিমাৰী মহাবিদ্যালয় আৰু হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। মানকাচৰ সমষ্টিৰ ভোট গ্ৰহণৰ বাবে বুধবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা এই অন্তিম তথা তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ বৃহস্পতিবাৰে অন্ত পৰে।
যোৱা ২৯ আৰু ৩০ মার্চত দুদিনীয়া কার্যসূচীৰে জিলাখনৰ অধীনত থকা দক্ষিণ শালমাৰা সমষ্টিৰ ৩১৯ টা পলিং পাৰ্চনেল গ্রুপৰ মুঠ ১২৭৬ জন প্রিছাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। উল্লেখ্য যে অহা ৬ এপ্ৰিলত অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।