গুৱাহাটী : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে আগন্তক অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অসমৰ ৰাইজক সম্বোধন কৰি এটা ভিডিঅ’ বাৰ্তা মুকলি কৰে। ড° মনমোহন সিঙে, তেওঁৰ বাৰ্তাৰ আৰম্ভণি কৰি এই কথা উল্লেখ কৰে, “ভ্ৰাতৃ আৰু ভগ্নীসকল, বহু বছৰ ধৰি, অসম মোৰ দ্বিতীয় গৃহভূমি হৈ আহিছে। ১৯৯১ চনৰপৰা আৰম্ভ কৰি ২০১৯ চনলৈকে, সুদীৰ্ঘ ২৮ টা বছৰ মই ৰাজ্যসভাত অসমৰ প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বিশেষাধিকাৰ আছিল বুলি গণ্য কৰোঁ। অসমৰ ৰাইজে মোৰ ওপৰত আৰোপ কৰা বিশ্বাস আৰু মৰমৰ বাবে তথা প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা মোৰ প্ৰগাঢ় বন্ধুত্বৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ”।

আৰু পঢ়কঃ আগন্তুক বিধানসভা নির্বাচনৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুত অসম আৰক্ষী

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় “অসমৰ ৰাইজে মোক প্ৰদান কৰা সামৰ্থ্যৰ জোৰতেই মই ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে ৫ বছৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ১০ বছৰ দেশৰ সেৱা কৰিব পাৰিছিলোঁ।” ড° মনমোহন সিঙে তেওঁৰ বক্তব্য আগবঢ়াই নিয়ে এই কথা সজোৰে কয় “আজি, মই আপোনাসৱৰ সৈতে কথা পাতিছো আপোনালোকৰ মাজৰে এজন হিচাপে। আকৌ এবাৰ, বিধানসভাৰ নিৰ্বাচনত আপোনালোকে ভোট দিয়াৰ সময় আহিছে, আপোনালোকে ভাবি-চিন্তি ভোট দিবই লাগিব। এছোৱা দীঘলীয়া কাল ধৰি চলা বিদ্ৰোহাত্মক কাৰ্যকলাপ আৰু অস্থিৰতাৰ বাবে অসমৰ ৰাইজে অভাৱনীয় দুখ-যাতনা সহিবলগীয়া হৈছিল। ২০০১ চনৰ পৰা ২০১৬ চনলৈকে প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত, অসমে শান্তি আৰু বিকাশৰ অভিমুখে এটা নতুন যাত্ৰা আৰম্ভ কৰিছিল।

আৰু পঢ়কঃ নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত সোণাৰি আৰু তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি

অৱশ্যে, এতিয়া এই যাত্ৰাই কিছুমান অতিশয় গুৰুতৰ বাধাৰ মুখামুখি হৈছে। সমাজক ভাগ ভাগ কৰিবলৈ লোৱা হৈছে ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ ভিত্তিত। সাধাৰণ মানুহক মৌলিক অধিকাৰসমূহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা হৈছে, সৰ্বত্ৰ বিৰাজ কৰিছে এটা উত্তেজনা আৰু আতংকৰ পৰিৱেশ। অবিবেচনাৰে কৰা “বিমুদ্ৰাকৰণ” আৰু বেয়াকৈ কাৰ্যৰূপায়ণ কৰা জিএছটিয়ে দেশৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে।” প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছত আলোকপাত কৰি লাখ লাখ লোকৰ অবৰ্ণনীয় কষ্টৰ ওপৰত যিসকলে নিজৰ কৰ্মসংস্থান হেৰুৱাবলগীয়া হৈছে আৰু জীৱিকাৰ মৌলিক প্ৰয়োজন সমূহৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

তেওঁ এই কথা ন দি কয় যে বিজেপি আমোলত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ বাবে ৰাইজে ভুগিবলগীয়া অভাৱনীয় দুখ-কষ্ট হ’ল নজিৰবিহীন। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে উল্লেখ কৰে, “আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে ভাৰতৰ সংবিধানক আৰু গণতন্ত্ৰৰ মূলনীতি সমূহক শ্ৰদ্ধা কৰে। আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে প্ৰতিগৰাকী নাগৰিক আৰু প্ৰতিটো সম্প্ৰদায়ৰ কথা চিন্তা কৰে। আপোনালোকে এনে এখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে সম-বিকাশ সুনিশ্চিত কৰিব। আপোনালোকে সেইখন চৰকাৰৰ বাবে ভোটদান কৰিবই লাগিব যিখনে আকৌ এবাৰ অসমক শান্তি আৰু বিকাশৰ পথেদি আগবঢ়াই নিব।”

প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে অসম কংগ্ৰেছৰ গণনীতি সমূহৰ কথা পুনৰ সজোৰে প্ৰকাশ কৰি কয় কেনেকৈ অসমৰ অনন্য ভাষা, সংস্কৃতি আৰু ইতিহাস সুৰক্ষিত কৰি কংগ্ৰেছে লগতে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰে কল্যাণ সুনিশ্চিত কৰিব। ড° মনমোহন সিঙে দৃঢ়তাৰে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে, অসম কংগ্ৰেছে তৈয়াৰ কৰিছে এখন “ৰাইজৰ ইস্তাহাৰ” য’ত ব্যাৱহাৰিক আশ্বাসসমূহ সন্নিৱিষ্ট কৰা হৈছে। তাৰ পাছত তেওঁ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে কংগ্ৰেছে দিয়া “৫ গেৰাণ্টিৰ”। কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ কথা স্পষ্টভাৱে ব্যাখ্যা কৰি ড° সিঙে উল্লেখ কৰে, “প্ৰথম কথা, ক্ষমতাৰ বাবে নিৰ্বাচিত হ’লে, অসম কংগ্ৰেছে “কা” অৰ্থাৎ নাগৰিকত্ব সংশোধনী অধিনিয়ম ৰূপায়ণ নকৰে আৰু লগতে “কা” বাতিল কৰিবলৈ দলে পাৰ্যমানে চেষ্টা কৰিব।

দ্বিতীয়তে, ৫ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ’ব, ৰাজহুৱা খণ্ডত আৰু ২৫ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা হ’ব, ব্যক্তিগত খণ্ডত। তৃতীয়তে, চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব, এই শ্ৰমিকসকলে আন সামাজিক নিৰাপত্তা হিতাধিকাৰো লাভ কৰিব। চতুৰ্থতে, প্ৰতিটো পৰিয়ালে প্ৰতি মাহে লাভ কৰিব ২০০ ইউনিটকৈ বিনামূলীয়া বিজুলী। পঞ্চমতে, “গৃহিণী সন্মান যোজনাৰ” অধীনত প্ৰতিগৰাকী গৃহিণীয়ে লাভ কৰিব মাহিলি ২০০০ টকাৰ এটা অনুদান।”

নিজৰ বিবৃতিৰ সামৰণিত, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে উল্লেখ কৰে, “ভ্ৰাতৃ আৰু ভগ্নীসকল, আপোনালোকৰ ভৱিষ্যত আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যত আছে আপোনালোকৰ হাতত। কংগ্ৰেছ দলক আৰু মহাজোঁটক ভোটদান কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছোঁ”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply