গুৱাহাটী: নৰ্মদা আন্দোলনৰ নেত্ৰী সমাজকৰ্মী মেধা পাটেকাৰে অখিল গগৈক জয়লাভ কৰোৱাবলৈ ভোটাৰসকলক আহ্বান জনাই | কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দেশৰ অন্যতম গণ নেত্ৰী মেধা পাটকাৰে কয়, অখিল গগৈ বৰ্তমান সময়ত এক আপোচবিহীন সত্ত্বা । বৰ্তমানৰ চৰকাৰ খনৰ নীতিৰ বাবেই ‘কৰ্পৰেট খন্ডই উত্তৰ-পূবৰ সকলো সম্পদ এপদ এপদকৈ লৈ গৈছে । ইয়াৰ বিৰুদ্ধে অখিল গগৈয়ে মাত মাতিছে , সেইবাবেই
অখিল গগৈক মাওবাদী সজোৱা হৈছে । বিশিষ্ট নেত্ৰী গৰাকীয়ে কয়, “অখিল গগৈক মাওবাদী বুলি ক’লে মাওবাদীক অসন্মান কৰা হ’ব”।
সাম্প্রদায়িক ৰাজনীতিৰ বিপৰীতে বিজেপিক উন্নয়ন ৰাজনীতি কৰিবলৈ আহ্বান জনাই । অন্যায়ৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই অখিল গগৈক জেলত ভৰাই থলে । অসমৰ জনতাক প্রতাৰণা কৰা বিজেপি চৰকাৰে ।
অখিল গগৈক জেলত ভৰাই টোলগেট আৰু নদীবান্ধ সকলো বনালে চৰকাৰে বুলি উল্লেখ কৰে নেত্ৰী গৰাকীয়ে ।
বিশিষ্ট সমাজবাদী নেত্ৰী মেধা পাটকাৰে কয়, “অসমৰ কথা কেৱল আন্দোলনকাৰীহে চিন্তা কৰে, অসমৰ হৈ বিজেপিয়ে একো নকৰিলে এই কথা অসমৰ জনতাই উপলব্ধি কৰাৰ সময় আহি পৰিছে “।